সন্দেহৰ আৱৰ্তত জোনমণিৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ ভাষ্য। নিজকে মেজিক চালক হিচাপে পৰিচয় দিয়া প্ৰণৱ দাসে কিবা লুকুৱাবলৈ চেষ্টা কৰিছে নেকি ? এইবাৰ আবিৰ্ভাৱ হৈছে জোনমণিৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে চলোৱা মেজিক বাহনৰ মালিক। শনিবাৰে ঘটনাৰ তদন্তৰ খাতিৰত CID কাৰ্যালয়ত উপস্থিত হৈছিল প্ৰত্যক্ষদৰ্শী প্ৰণৱে চলোৱা মেজিক বাহনখনৰ মালিক। CID ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে মেজিক খনৰ মালিক মণি বৰাৰ মন্তব্যই পুনৰ সৃষ্টি কৰিছে ৰহস্য। মণি বৰাৰ দাবী,জোনমণি ৰাভাৰ দুৰ্ঘটনা হোৱাৰ নিশা মেজিক বাহনখন চলোৱা নাছিল প্ৰণৱ দাসে। কিন্তু প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে দাবী কৰিছিল যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশা তেওঁ উজনিৰ পৰা চলাই আহিছিল মেজিকখন। দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে সেই নিশা যিখন মেজিক বাহন চলাই অহাৰ কথা দাবী কৰিছিল সেই বাহনখনৰ মালিক মণি বৰা। শনিবাৰে মেজিক বাহনখনৰ মালিক মণি বৰা আৰু নিজকে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱক পৃথকে পৃথকে জেৰা কৰিছে CID য়ে
CID ৰ ওচৰত উপস্থিত হৈ ভাষ্য প্ৰদান কৰিলে মেজিক খনৰ মালিক মণি বৰাই। এতিয়া প্ৰশ্ন হৈছে কোন সঁচা চালক প্ৰণৱ দাস নে মালিক মণি বৰা ? ৰহস্যঘন হৈ গৈ আছে SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ। এতিয়া প্ৰশ্ন হৈছে, যদি উজনিৰ পৰা মেজিক লৈ প্ৰণৱ দাস গুৱাহাটীলৈ আহিছিল তেন্তে দুখনকৈ টোল গেটৰ কেমেৰাত বন্দী হৈছে দৃশ্য।গতিকে CID য়ে টোল গেটৰ CCTV নিৰীক্ষণ কৰিলে নিশ্চিত ৰূপত ক্লু লাভ কৰাৰ যথেষ্ট স্থল আছে বুলি চৰ্চা চলিছে
প্ৰতিবেদক নিউজ নাও,গুৱাহাটী