আপুনি গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে নেকি ? গেষ্ট্ৰিকৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি? কি কি খাদ্যই আপোনাক সকাহ দিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা সবিশেষ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন
তেলত ভজা,মচলা দিয়া, সুস্বাদু খাদ্য খাই আপুনিও হয়টো ভাল পায় । দেখিলেই খাওঁ খাওঁ যেন লগা খাদ্য দেখিলে আমাৰ বহুতৰে জিভাৰ পানী পৰে। এনেবোৰ খাদ্য খাই বেয়া পোৱা মানুহ হয়টো বহুত কমেই ওলাব । কিন্তু এনেবোৰ খাদ্য খাই গেষ্ট্ৰিকৰ সমস্যাত ভুগে বহুজন।
গেষ্ট্ৰিকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই চাৰিটা কাম কৰক মাত্ৰ দহ মিনিটত আপোনাৰ গেষ্ট্ৰিকৰ সমস্যা দূৰ হব
১)চৰ্দি-কাহ হ’লে আমি প্ৰায়ে আদা খাওঁ।কিন্তু এই আদাই আপোনাক সকাহ দিব গেষ্ট্ৰিকৰ দৰে সমস্যাৰ পৰা। গৰম পানীত আদা উতলাই খালে গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়।
২)সৰিয়হৰ বীজত ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। যাৰফলত পাচনতন্ত্ৰ ঠিক হোৱাৰ লগতে পেট খোলোচা হয় আৰু গেছৰ সমস্যা দূৰ হয়।
৩)কমলা হৈছে এনে এক ফল, য’ত যথেষ্ট পৰিমাণে আছে ফাইবাৰ। কমলাৰ ৰস উলিয়াই খালে আপুনি উপশম পাব গেষ্ট্ৰিকৰ পৰা।
৪)নেমুটেঙা হৈছে বহুকেইটা ৰোগ নিৰাময়কাৰী ঔষধ। নেমুটেঙাৰ ৰস চৰ্বত কৰি খালে অথবা চালাদত চেপি খালেও গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়। নেমুত থকা কেলছিয়াম,আয়ৰন,পটেছিয়াম, মেগনেছিয়াম আৰু ফছফৰাছে পেটৰ সমস্যা দূৰ কৰে