Thursday, October 3, 2024
HomeAssamCoal scam : 'ছিণ্ডিকেট বিৰোধী' মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো...

Coal scam : ‘ছিণ্ডিকেট বিৰোধী’ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো বছৰতে ৬০০ কোটি টকাৰ কয়লা ছিণ্ডিকেট!

ছিণ্ডিকেট বিৰোধী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমটো বছৰতে অসমত সংঘটিত হৈছে ৬০০ কোটি টকাৰ কয়লা ছিণ্ডিকেট। অসমক ঘাটি হিচাপে লৈ প্ৰায় ৬ লাখ টন কয়লা অবৈধ ভাৱে সৰবৰাহ কৰিলে ছিণ্ডিকেট চক্ৰই। RTIৰ তথ্যত প্ৰকাশ পাইছে সমগ্ৰ তথ্য। ক’ভিডকালীন পৰিস্থিতিৰ পাছৰে পৰা ২২-২৩ বিত্তীয় বর্ষৰ আগষ্ট মাহলৈ উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত কিমান কয়লা অসমললৈ আহিছিল? সেই তথ্য RTI যোগে বিচৰা হৈছিল coal ইণ্ডিয়া, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড চৰকাৰক। এই RTIৰ উত্তৰত সংশ্লিষ্ট চৰকাৰ সমূহে আগবঢ়োৱা অসমলৈ অহা কয়লাৰ পৰিমাণ এনেধৰণৰ-
অসম- ০
অৰুণাচল প্ৰদেশ- ০
মেঘালয়- ১৩,৮০৬ টন
নাগালেণ্ড- ১,০৭,৪৪৫ টন
সৰ্বমুঠ ১,২১,২৫১ টন কয়লা উৎপাদিত হৈছিল উত্তৰ পূবত

ইমান খিনিলৈ ঠিকেই আছিল। কিন্তু উত্তৰ-পূবত উৎপাদিত ১,২১,২৫১ টন কয়লা অসমলৈ অনা হৈছিল যদিও অসমৰ পৰা ৰেলৱে ৰেক যোগে অসমৰ পৰা যোৱা কয়লাৰ পৰিমাণৰ তথ্যই হে চকু কপালত তুলিব আপোনাৰ। অন্য এক RTI যোগে ৰেল বিভাগক সোধা হৈছিল যে ২০২১-২২ বিত্তীয় বর্ষৰ পৰা ২২ৰ আগষ্ট লৈ ৰেল যোগে কিমান কয়লা সৰবৰাহ হ’ল অসমৰ ষ্টেচন সমূহৰ পৰা। এই প্ৰশ্নৰ উত্তৰত উত্তৰ-পূব সীমান্ত ৰেলৱে জনায় যে, অসমৰ পৰা উক্ত সময়ছোৱাত ৰেল যোগে যোৱা কয়লাৰ পৰিমাণ আছিল এনে ধৰণৰ-

তিনিচুকীয়া মণ্ডলৰ পৰা- ৪৪৯৪ ৱাগন
লামডিং মণ্ডলৰ পৰা- ৩৭৭৮ ৱাগন
ৰঙিয়া মণ্ডলৰ পৰা- ৩৫০১ ৱাগন

উল্লেখযোগ্য যে, ১ ৱাগন= প্ৰায় ৬১ টন।


গতিকে, অসমৰ তিনি মণ্ডলৰ পৰা সৰবৰাহ হোৱা মুঠ কয়লাৰ পৰিমাণ ১১,৭৭৩ ৱাগন × ৬১ টন= ৭,১৮,১৫৩ টন (প্ৰায়)

ৰেল বিভাগৰ মতে অসমৰ পৰা ৰেল বিভাগে সৰবৰাহ কৰা কয়লাৰ পৰিমাণ ৭,১৮,১৫৩ টন । ইয়াৰ বিপৰীতে উত্তৰ-পূবত উৎপাদিত কয়লাৰ পৰিমাণ আছিল মাত্ৰ ১,২১,২৫১ টন । তেনেস্থলত উত্তৰ-পূৰ্বাঞ্চলত উৎপাদন হোৱা কয়লাৰ পৰিমাণ আৰু ৰেলত সৰবৰাহ হোৱা কয়লাৰ পৰিমাণৰ মাজত পাৰ্থক্য হৈছে প্ৰায় ৬ লাখ টন কয়লা ? এতিয়া প্ৰশ্ন হয় , কৰ পৰা ক’লৈ গ’ল এই প্ৰায় ৬ লাখ টন কয়লা, যাৰ বজাৰ মূল্য প্ৰায় ৬০০ কোটি । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো বছৰতে অসমত সংঘটিত হোৱা এই ৬০০ কোটি টকাৰ কয়লা ছিণ্ডিকেটৰ কলা টকা কাৰ কাৰ পকেট সোমাল? ৬ লাখ টন কয়লা অবৈধ ভাৱে অসমৰ পৰা পাৰ হৈ যোৱাৰ সময়ত কুম্ভকৰ্ণ নিদ্ৰাত আছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা গৃহ বিভাগে? এয়াই নেকি ছিণ্ডিকেট বিৰোধী মুখ্যমন্ত্ৰীৰ গৃহবিভাগ কামৰ নমুনা?

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments