ন্যায়ালয়ে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ক বাৰাণসীৰ জ্ঞানৱাপী মছজিদত জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে। বাৰাণসী জিলা আদালতে শুকুৰবাৰে নিৰ্দেশ দিয়ে যে বিতৰ্কিত ওজুখানাত পোৱা তথাকথিত ‘শিৱলিঙ্গ’ তথা কাষৰীয়া অঞ্চলসমূহত এই সময়ত কোনোধৰণৰ জৰীপ কৰিব নোৱাৰিব। উল্লেখ্য যে চাৰিগৰাকী হিন্দু মহিলা ভক্তই পুৰাতাত্ত্বিক জৰীপৰ বাবে আবেদন কৰিছিল। আনহাতে, ‘অঞ্জুমান ইণ্টেজামিয়া (জ্ঞানৱাপী) মছজিদ সমিতিয়ে মছজিদ চৌহদত কৰা যিকোনো জৰীপৰ বিৰোধিতা কৰিছিল।
এই বিষয়ে দুয়োপক্ষৰ মতামত শুনাৰ পিছত ১৪ জুলাইত ৰায় শুনানিৰ দিন ধাৰ্য কৰিছিল জ্যেষ্ঠ ন্যায়াধীশ অজয় কুমাৰে।
১৪ অক্টোবৰত তথাকথিত ‘শিৱলিঙ্গ’ৰ বয়স নিৰ্ধাৰণ কৰাৰ বাবে হিন্দু পক্ষই দাখিল কৰা আবেদন নাকচ কৰিছিল বাৰাণসী জিলা আদালতে । ন্যায়াধীশ বিশ্বেশে শিৱলিংগৰ বয়স নিৰ্ণয় কৰিবলৈ কাৰ্বন ডেটিং পৰীক্ষাৰ বাবে কৰা আবেদন নাকচ কৰি দাবী কৰিছিল যে , “শিৱলিঙ্গৰ অস্তিত্ব জানিবলৈ জ্ঞানৱাপী চৌহদত কোনো বৈজ্ঞানিক তদন্ত কৰিব নোৱাৰিব।” এলাহাবাদ উচ্চ ন্যায়ালয়ত তেওঁৰ আদেশক প্ৰত্যাহ্বান জনাই এখন আপীল দাখিল কৰা হৈছে। গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে।
ইফালে, মে মাহত হিন্দু মহিলা ভক্তসকলে ‘চীলড’ ওজুখানা অঞ্চলৰ বাহিৰত “বৈজ্ঞানিক জৰীপ” বিচাৰিছিল। আবেদনকাৰীৰ পৰামৰ্শদাতাৰ সেই দাবি মানি লৈছিল ন্যায়াধীশগৰাকীয়ে। এই গোচৰটোত নিযুক্ত উত্তৰ প্ৰদেশ চৰকাৰৰ বিশেষ অধিবক্তা ৰাজেশ মিশ্ৰাই শুকুৰবাৰে কয় যে , “ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ বিশেষজ্ঞসকলে হিন্দু মন্দিৰৰ স্থানত এটা মছজিদ নিৰ্মাণ কৰা হৈছে নে নাই অধ্যয়ন কৰিব।”
২০২১ চনৰ আগষ্ট মাহত জ্ঞানবাপীৰ ‘মা শ্ৰীংগৰ গৌৰী’ (ওজুখানা আৰু তাহখানা নামেৰে জনাজাত) আৰু মছজিদৰ ভিতৰৰ পশ্চিম দেৱালত দেৱতাৰ মূৰ্তি থকাৰ দাবী কৰি তাত পূজা অৰ্চনা কৰাৰ অনুমতি বিচাৰি পাঁচগৰাকী হিন্দু মহিলাই দাখিল কৰা গোচৰৰ পৰিপেক্ষিতত মছজিদৰ ভিতৰৰ ভিডিঅ’ জৰীপ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছত ২২ ছেপ্টেম্বৰ, ২০২১ত হিন্দু পক্ষই প্ৰাপ্ত নমুনাবোৰৰ কাৰ্বন ডেটিং পৰীক্ষাৰ বাবে অনুৰোধ আবেদন কৰিছিল ।
সেই জৰীপ আৰু ভিডিঅ’গ্ৰাফিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত, বাৰাণসী জিলা আদালতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২০ মে, ২০২২ ত গোচৰটোৰ শুনানিৰ দায়িত্ব গ্ৰহণ কৰে। পৰ্যবেক্ষক দলটোৰ ভিডিঅ’গ্ৰাফিৰ প্ৰতিবেদনত, মুছলিম পক্ষই দাবী কৰিছিল যে মছজিদৰ ওজুখানাৰ জলাশয়ত পোৱা গাঁথনিটো, যিটো শিৱলিংগৰ দৰে আকৃতিৰ, প্ৰকৃততে এটা ফোৱাৰা। আনহাতে, হিন্দু পক্ষই প্ৰাপ্ত নমুনাবোৰৰ কাৰ্বন ডেটিং পৰীক্ষাৰ বাবে আবেদন কৰিছিল। অৱশ্যে, ‘শিৱলিঙ্গ’ৰ বয়স নিৰ্ধাৰণ কৰিবলৈ কাৰ্বন ডেটিং পদ্ধতি প্ৰয়োগ কৰাৰ বিষয়ে কিছুমান বিশেষজ্ঞৰ মাজত মতানৈক্য আছে। একাংশই দাবী কৰে যে কাৰ্বন ডেটিং পদ্ধতিৰে মৃত জন্তু বা উদ্ভিদৰ অৱশিষ্ট আৰু জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰাৰ বাবে উপযোগী যদিও, এই পদ্ধতিৰে প্ৰাচীন শিল বা শিলৰ টুকুৰাৰ বয়স নিৰ্ধাৰণ কৰাটো কঠিন।