পুৱাৰ ভাগত একেৰাহে তিনিটাকৈ ভূমিকম্পই জোকাৰি গ’ল মৰুভূমি চহৰ ৰাজস্থান। শুক্ৰবাৰে পুৱা ৪.০৯ বজাত জয়পুৰত প্ৰথম ভূমিকম্প অনুভৱ কৰা হৈছিল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, প্ৰথম ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৪ ।
ৰাজস্থানৰ পিছতে মণিপুৰকো জোকাৰি গ’ল ভূমিকম্পই। শুক্ৰবাৰে পুৱা, দেশৰ পশ্চিম আৰু পূব অংশত অনুভূত হয় এই জোকাৰণিৰ। ৰাজস্থানৰ জয়পুৰত পুৱা প্ৰায় ৪.০৯ বজাত তিনিটাকৈ ভূমিকম্পৰ অনুভূত হৈছিল। কেইমিনিটমানৰ পিছতে পুৱা প্ৰায় ৫ বজাত মণিপুৰৰ উখৰুলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অৱশ্যে, ৰাজস্থান বা মণিপুৰত হোৱা ভূমিকম্পত কোনো বিশেষ ক্ষতি হোৱা নাই। একেৰাহে তিনিটাকৈ ভূমিকম্পই ৰাজস্থানত জোকাৰি যায়, যাৰ ফলত আতংকিত হৈ পৰিছে ৰাজ্যবাসী ।
শুক্ৰবাৰে পুৱা ৪.০৯ বজাত জয়পুৰত প্ৰথম ভূমিকম্প অনুভৱ হৈছিল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, প্ৰথম ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৪ । ভূমিকম্পৰ কেন্দ্ৰস্থল পৃথিৱীৰ পৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰত। দ্বিতীয়টো কম্পন পুৱা ৪:২২ বজাত অনুভূত হয়। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৩.১। ভূমিকম্পৰ কেন্দ্ৰ পৃথিৱীৰ পৃষ্ঠৰ পৰা ৫ কিলোমিটাৰ গভীৰত। তৃতীয় ভূমিকম্পটোও ১০ কিলোমিটাৰ গভীৰত ৰিখটাৰ স্কেলত ৩.৪ প্ৰাৱল্যত পুৱা ৪:২৫ বজাত অনুভূত হৈছিল ।
দেশখনৰ উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত পুৱা ৫.০১ বজাত জোকাৰি যোৱা ভূমিকম্পৰ কেন্দ্ৰ আছিল উখুৰুলৰ পৃষ্ঠৰ পৰা ২০ কিলোমিটাৰ গভীৰতাত। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৫।