২৪ ত দেশৰ ৰাজপাট সলনিৰ ইংগিত পাইছে নেকি আম্বানীয়ে ? আদানীৰ সলনি মমতাৰ এতিয়া নয়নৰমণি হৈছেগৈ আম্বানী
শাসকগোষ্ঠীৰ সৈতে বৃহৎ পুঁজিপতি গোষ্ঠীৰ বন্ধুত্বত মেলিছে নেকি ফাঁট। ব্যৱসায়িক স্বাৰ্থত শাসকগোষ্ঠীৰ সৈতে আদানী আম্বানীৰ দৰে বৃহৎ পুঁজিপতি গোষ্ঠীৰ ঘনিষ্ঠ সম্পৰ্ক থাকিলেও শেহতীয়াকৈ সলনি হ’বলৈ আৰম্ভ হৈছে বহুতো সমীকৰণ। ২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে হঠাৎ বিৰোধী INDIA মহাজোঁটৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰসংশাত পঞ্চমুখ হ’ল শাসকগোষ্ঠীৰ আতিকৈ ঘনিষ্ঠ ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানী, পশ্চিম বংগত ২০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আম্বানীয়ে
ধনকুবেৰ মুকেশ আম্বানীৰ এই ঘোষণাৰ পূৰ্বে ধনকুবেৰ তথা নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হিচাপে চৰ্চিত গৌতম আদানীৰ বিৰুদ্ধে কঠোৰ হৈছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
বংগ চৰকাৰে বাতিল কৰিলে আদানী গ্ৰুপৰ ২৫ হাজাৰ কোটি টকীয়া ঠিকা, পশ্চিম বংগৰ তাজপুৰ পৰ্ট পুনিৰ্মাণৰ বাবে ২৫ হাজাৰ কোটি টকাৰ ঠিকা লাভ কৰিছিল আদানী গ্ৰুপে।কিন্তু মুকেশ আম্বানীয়ে শেহতীয়াকৈ পশ্চিম বংগত ২০ হাজাৰ কোটি টকাৰ বৃহৎ ধনৰাশি বিনিয়োগৰ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই বংগৰ তাজপুৰ পৰ্ট পুনিৰ্মাণৰ বাবে পুনৰ টেণ্ডাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে,
বংগ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই এক বৃহৎ প্ৰকল্পৰ কাম হেৰুৱাব লগা হৈছে আদানী গ্ৰুপে। উল্লেখযোগ্য যে,বংগৰ তাজপুৰ পৰ্ট পুনিৰ্মাণৰ ঠিকা লাভ কৰি আদানী গ্ৰুপে ১০ হাজাৰ কোটি টকা বংগত বিনিয়োগ কৰাৰ আশ্বাস দিলিছ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক, কিন্তু আদানী গ্ৰুপৰ কোনো স্বৰ্তই নামানিলে মমতাই, বিপৰীতে গৌতম আদানীৰ বিপৰীতে এতিয়া বিৰোধী মহাজোঁটৰ অন্যতম নেত্ৰী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বুকুৰ কুটুম হৈ পৰিছে মুকেশ আম্বানী। তাৰোপৰি চৰ্চা চলিছে যে,২৪ ত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত সলনি হোৱাৰ ইংগিত পাই ক্ৰমাৎ বিৰোধী শিবিৰৰ কাষ চাপিছে নেকি শাসকগোষ্ঠীৰ অন্যতম ঘনিষ্ঠ ধনাঢ্য ব্যক্তি মুকেশ আম্বানী।