আকৌ এবাৰ অগ্নিকন্যা মমতাৰ ওচৰত হাৰি গ’ল তথাকথিত অসমৰ জাতীয় নায়ক সৰ্বানন্দ। মুখ্যমন্ত্ৰীত্বতৰ কালত ৰাজকোষৰ কোটি টকা খৰচ কৰি সৰ্বা চৰকাৰে আয়োজন কৰা এডভান্টেজ আছাম আশীৰ্বাদ নহ’ল আসম বাসীৰ বাবে, ২০১৮ চনত অসমত ঢাক-ঢোল বজাই অতি জাকজমকতাৰে এডভাণ্টেজ অসম নামেৰে সৰ্বানন্দ চৰকাৰে আয়োজন কৰিছিল বিশ্ব বিনিয়োগ সন্মিলন।
জাপান, বাংলাদেশ, ভূটানকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল Adv Assam ত,আহিছিল ৰিলায়েঞ্চ ইণ্ডাষ্টীৰ স্বত্বাধিকাৰী মুকেশ আম্বানী, অসমত ২,৫০০ টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল আম্বানীয়ে, ৮৯ হাজাৰ কোটিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা ঘোষণা কৰিছিল সৰ্বা চৰকাৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা Advantage Assam সন্মিলনে অসমত বিদেশী বিনিয়োগকাৰীৰ বাট মুকলি কৰিব বুলি ৰৌজাল বৌজাল লগোৱা হৈছিল যদিও কিন্তু কাৰ্যত সেইয়া নহ’ল। সেই সময়তে Advantage Assam ফ্লপ শ্ব’ত পৰিণত হ’ব বুলি দাবী কৰিছিল ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।গগৈয়ে কোৱা কথা সত্য হ’ল।Advantage Assam সন্মিলনৰ পাছতো প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত আজিও দেশৰ আন ৰাজ্যৰ তুলনাত বহু দূৰ পিছ পৰি আছে অসম Advantage Assam সন্মিলন পাতি ব্যৰ্থ হ’ল সৰ্বানন্দ,বিপৰীতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ Advantage Assam আৰ্হিত পশ্চিম বংগত Bengal Global Summit আয়োজন কৰি বংগকন্যা মমতাই দেখুৱালে শক্তি।
সৰ্বা চৰকাৰৰ Advantage Assam ফ্লপ হোৱাৰ বিপৰীতে ছুপাৰহিট হৈছে মমতাৰ বেংগল গ্লোৱেল বিজনেছ চামিট। দেশী বিদেশী উদ্যোগপতিক পশ্চিম বংগত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী মমতাই আয়োজন কৰা বেংগল গ্লোৱেল বিজনেছ চামিটে ৰং আনিছে বংগলৈ, বংগত বিভিন্ন উদ্যোগপতিয়ে বিনিয়োগ কৰিব ৩.৭৬ লাখ কোটি টকা
বিশ্বৰ ১৭ খন দেশৰ ব্যৱসায়ীক গোষ্ঠীৰ লগতে বেংগল গ্লোৱেল বিজনেছ চামিটত উপস্থিত আছিল ভাৰতীয় ধনকুবেৰ মুকেশ আম্বানী, আম্বানীয়ে বংগত ইতিমধ্যে বিনিয়োগ কৰিছে ৪৬ হাজাৰ কোটি টকা, পুনৰ ২০ হাজাৰ কোটি টকা বংগত বিনিয়োগ কৰিবলৈ ওলাইছে আম্বানীয়ে, যি আম্বানীয়ে আসমত বিনিয়োগ কৰা কথা আছিল ২,৫০০ কোটি টকা সেই আম্বানীয়ে এতিয়া ২০ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ ওলাইছে পশ্চিম বংগত। অৰ্থাৎ ৰাজকোষৰ ভাঙি সোণোৱাল চৰকাৰে আয়োজন কৰা Advantage Assam ৰ যে চূড়ান্ত ফ্ল’প আছিল সেইয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে। বিপৰীতে বিৰোধী শিবিৰত অৱস্থান কৰিও বংগৰ মুখ্যমন্ত্ৰী মমতাই সফল কৰি তুলিলে বেংগল গ্লোৱেল বিজনেছ চামিট।অৰ্থাৎ কেন্দ্ৰত মোদী চৰকাৰ থকাৰ পাছতো যি কাম কৰিব নোৱাৰিলে সৰ্বা চৰকাৰে, সেইকাম কৰি দেখুৱালে বংগৰ মুখ্যমন্ত্ৰী মমতাই