ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ আক্ৰান্ত হৈছে এক প্ৰকাৰৰ কৰ্কট ৰোগত। ৭৫ বছৰীয়া চাৰ্লছ লণ্ডনৰ ক্লিনিকত চিকিৎসা কৰা হ’ব, য’ত ৱেলছৰ ৰাজকুমাৰীকো অস্ত্ৰোপচাৰ কৰা হৈছিল।
বাকিংহাম পেলেচে জনাইছে যে চাৰ্লছৰ চিকিৎসা সমাপ্ত হ’লে তেওঁ সকলো কথা নিশ্চিত কৰিব। চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁ ৰাজহুৱা মুখামুখি দায়িত্বৰ পৰা আঁতৰি আহিব বুলিও বাকিংহাম পেলেচে সোমবাৰে ঘোষণা কৰে।
ৰজা তৃতীয় চাৰ্লছক দ্য প্ৰিন্স অৱ ৱেলছ বুলি জনা যায়। চাৰ্লছ ২০২২ চনৰ ৮ ছেপ্টেম্বৰত তেওঁৰ মাতৃ ৰাণী দ্বিতীয় এলিজাবেথ (Queen Elizabeth II) ৰ মৃত্যুৰ পিছত ৰজা হিচাপে স্বীকৃতি লাভ কৰিছিল।
বিশ্বৰ নেতাসকলে চাৰ্লছক আশু আৰোগ্য কামনা কৰি বাৰ্তা প্ৰেৰণ কৰিছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকেও ৰজা তৃতীয় চাৰ্লছৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে “সুখৰ কথা যে, এইটো সোনকালে ধৰা পৰিছে”।
প্ৰধানমন্ত্ৰী শ্ৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কৰ্কট ৰোগত আক্ৰান্ত হোৱা ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰী মোডীয়ে এক্স ত এটা পোষ্টত কয়, “মই ভাৰতৰ জনসাধাৰণৰ সৈতে মহামান্য ৰজা তৃতীয় চাৰ্লছৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিছো।”
বাকিংহাম পেলেচে সোমবাৰে এক বিবৃতিত কৈছিল যে ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু চিকিৎসা আৰম্ভ কৰিছে।