৬ ফেব্ৰুৱাৰী,২০২৪ : আমোলাৰাজত বিৰক্তি হৈ ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে লাডাখৰ জনতা। কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ জনতাক লাগে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা। পূৰ্বে জন্মু-কাশ্মীৰৰ পৰা পৃথক কৰি কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল লাডাখক। কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বীকৃতি লাভ কৰি মুঠেও সুখী নহয় লাডাখৰ জনতা। পূৰ্ণ ৰাজ্যৰ মৰ্যাদা বিচাৰি ৰাজপথত নামিছে লাডাখৰ হাজাৰ হাজাৰ লোক।
জনতাৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে লাডাখৰ সকলো ব্যৱসায়-বাণিজ্য। লেহ এপেক্স বডি চমুকৈ LAB আৰু কাৰ্গিল ডেমোক্ৰেটিক এলায়েন্সৰ নেতৃত্বত ৰাজপথত জনতাৰ বিক্ষোভ।লাডাখক সংবিধানৰ ষষ্ঠ অনুসুচীৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ দাবী প্ৰতিবাদী লাডাখবাসীৰ। লগতে লেহ আৰু কাৰ্গিলৰ বাবে পৃথকে পৃথকে দুটাকৈ সংসদীয় সমষ্টি গঠনৰ দাবী প্ৰতিবাদী জনতাৰ বিনাচৰ্তে কেন্দ্ৰীয় চৰকাৰে দাবী মানি নল’লে অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰতিবাদী জনতাই।
২০১৯ চনত ৫ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিছিল ৩৭০ আৰু ৩৫ (A)। জম্মু-কাশ্মীৰৰ পৰা পৃথক কৰা লাডাখত নাই বিধানসভাৰ ব্যৱস্থা।
নিউজ নাওৰ হৈ প্ৰতিবেদন যুগুতাইছে ৰামায়াই