৮ ফেব্ৰুৱাৰী,২০২৪ : আজি পুৱা ৮ বজাৰ পৰা পাকিস্তানত অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ। ১২ কোটি ৮৫ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব দেশখনৰ বিভিন্ন ৰাজনৈতিক দলৰ ৫ হাজাৰ প্ৰাৰ্থীৰ। পাকিস্তানৰ এইবাৰৰ সাধাৰণ নিৰ্বাচন বিশেষ ভাৰতৰ বাবে।কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এগৰাকী অনুগামী অৱতীৰ্ণ হৈছে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত। পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে এগৰাকী হিন্দু মহিলাই।পাকিস্তানৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে এগৰাকী হিন্দু মহিলা সাভিৰা প্ৰকাশে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘লীডাৰশ্বীপ কুৱালিটি’ক প্ৰেৰণা হিচাপে গণ্য কৰে সাভিৰা প্ৰকাশে।পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ বুনেৰ জিলাৰ নিৱাসী সাভিৰা প্ৰকাশ। সন্ত্ৰাসবাদীৰ সন্ত্ৰাসমূলক কাৰ্যকলাপৰ মাজতেই আজি অনুষ্ঠিত হৈছে পাকিস্তানৰ ১৬ সংখ্যক সাধাৰণ নিৰ্বাচন। হিন্দু সম্প্ৰদায়ৰ সাভিৰা প্ৰকাশ হৈছে পাকিস্তান পিপুলছ পাৰ্টীৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদক। পাকিস্তান পিপুলছ পাৰ্টীৰ সৈতে ৩৫ বছৰ জড়িত হৈ আছিল সাভিৰাৰ পিতৃ অৱসৰপ্ৰাপ্ত চিকিৎসক ওম প্ৰকাশ। পিতৃৰ পদাংক অনুসৰণ কৰিয়েই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবাঢ়াইছে চিকিৎসক সাভিৰাই। ২০২২ চনত এবটাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰিছিল সাভিৰা প্ৰকাশে। বাৰ্ণাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে হিন্দু মূলৰ সাভিৰাই। মন কৰিবলগীয়া যে, নির্বাচন সময়মতে অনুষ্ঠিত কৰিবলৈ পাকিস্তান তেহৰিক-ই-ইনছাফ চমুকৈ পি টি আই প্রমুখ্যে ভালেমান লোক, দল-সংগঠনে সর্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। ন্যায়ালয়ৰ নির্দেশ মর্মে নির্বাচন আয়োগ আৰু ৰাষ্ট্রপতি আলোচনাত মিলিত হৈছিল। যাৰ ফলস্বৰূপে আজি অৰ্থাৎ ৮ ফেব্ৰুৱাৰীত ভোটগ্রহণৰ দিন হিচাপে ঘোষণা কৰা হৈছিল
- নিউজ নাওৰ হৈ প্ৰতিবেদন প্ৰস্তুত কৰিছে ৰামায়াই *