Monday, September 30, 2024
HomeAssamবিশ্বনাথত ফাইলেৰীয়া ৰোগ নির্মূল অভিযানৰ সজাগতা ৰেলি

বিশ্বনাথত ফাইলেৰীয়া ৰোগ নির্মূল অভিযানৰ সজাগতা ৰেলি

৮ ফেব্ৰুৱাৰী: বিশ্বনাথত স্বাস্থ্য বিভাগৰ উদ্যোগত ফাইলেৰিয়া নির্মূল অভিযান”ৰ সজাগতা ৰেলি। ৰেলিৰ শুভাৰম্ভ কৰে অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে। ৰেলিত সহযোগ কৰে জিলা স্বাস্থ্য যুটীয়া সঞ্চালক যোগেন চন্দ্ৰ বে, স্বাস্থ্য কৰ্মী, আছা কৰ্মী আৰু আন আন স্বাস্থ্য বিষয়াসকলে। জিলা যুটীয়া সঞ্চালকৰ ফাইলেৰীয়া ৰোগ নির্মূল অভিযান সম্পৰ্কে সংবাদমেল সম্বোধন। বিশ্বনাথ বিহালী দুয়োটা সমষ্টিৰ বিভিন্ন স্থানত ডি.ই.চি. আৰু এলবেন্ডাজল টেবলেট সেৱন কৰি দেশখনক ফাইলেৰিয়া ৰোগৰ পৰা মুক্ত হবলৈ আহ্বান যুটীয়া সঞ্চালকৰ। ফাইলেৰিয়া বা গোধা বেমাৰ পেলুৰ পৰা উৎপন্ন হোৱা এবিধ ৰোগ। মহে কামুৰিলে বিয়পে এই ৰোগ। এই ৰোগৰ মূল লক্ষণ জ্বৰ আৰু শৰীৰৰ বিষ। সাধাৰণতে এই ৰোগ বহু দিনৰ পিচতহে দেখা দিয়ে। পৰবৰ্তী ফাইলেৰিয়া নির্মূল অভিযানৰ লগত সংগতি ৰাখি অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰী লৈ চলাব এই অভিযান।

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments