৯ ফেব্ৰুৱাৰী: সাম্প্ৰতিক পেকেটযুক্ত খাদ্য সকলোৱেই ব্যৱহাৰ কৰে। দুৰণিলৈ যাত্ৰা কৰিলে, চিনেমা চাবলৈ গ’লে, ভোক লাগিলে, আমনি লাগিলে সাধাৰণতে আমি পেকেটযুক্ত আহাৰ গ্ৰহণ কৰোঁ। বিশেষকৈ শিশু আৰু কিশোৰ সকল এই পেকেট যুক্ত খাদ্যৰ বাবে বেছি আসক্ত। কিন্তু কিমান উপকাৰী এই খাদ্য?
বহু কেইটা গৱেষণাত প্ৰকাশ পাইছে যে যিকোনো এজন গ্ৰাহকে খাদ্য সামগ্ৰীৰ পেকেট এটা কিনিবলৈ মাত্ৰ ৫-১০ ছেকেণ্ড সময় লয়। বেছিভাগ গ্ৰাহকে এটা খাদ্য পেকেট কিনাৰ সময়ত ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখ আৰু ইয়াৰ মূল্যই নিৰীক্ষণ কৰে। কিন্তু সেই পেকেটটোৰ পিছফালে বহুতো গুৰুত্বপূৰ্ণ তথ্য থাকে যিবোৰৰ প্ৰকৃত তথ্য জানিব পৰিলে কোনো গ্ৰাহকে সেই পেকেটটো ক্ৰয় নকৰিব। সেই তথ্যসমূহ এনেদৰে লিখা থাকে যাতে গ্ৰাহকে বুজি নাপায়। যিকোনো খাদ্য তেতিয়াহে উপকাৰী হয় যেতিয়া সেই খাদ্যত থকা খনিজ পদাৰ্থ আৰু ভিটামিনৰ লগতে আন আন উপাদানবোৰো উপকাৰী হ’ব।ভাৰতৰ যিকোনো পেকেট খাদ্যৰ লেৱেলত এজন ব্যক্তিৰ প্ৰস্তাৱিত আহাৰৰ ভাট্টা (আৰ.ডি.এ.) ২০০০ কিলোগ্ৰাম কেলৰি স্থিৰ কৰা হৈছে। ভাৰতত খাদ্য লেবেলৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰাৰ দায়িত্ব ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ যাক এফ এছ এছ এ আই বুলিও জনা যায়। এই সংগঠনটোৱে লেবেলৰ সকলো নিয়ম নিৰ্ণয় আৰু তত্বাৱধান কৰে। প্ৰস্তাৱিত আহাৰ ভাট্টা মানে এফ.এছ.এছ.এ.আই. য়ে বৈজ্ঞানিক তথ্যৰ ওপৰত নিৰ্ধাৰণ কৰা এজন স্বাস্থ্যৱান প্ৰাপ্তবয়স্কৰ বাবে প্ৰয়োজনীয় পুষ্টি । এফ.এছ.এছ.এ.আই.-ৰ নিৰ্দেশনা অনুসৰি, কাৰ্বহাইড্ৰেটৰ প্ৰস্তাৱিত আহাৰৰ ভাট্টা হৈছে প্ৰতিদিনে ১৩০ গ্ৰাম। ধৰি লওক আপুনি ৩০ গ্ৰাম ওজনৰ বাদামৰ পেকেট এটা খাইছিল। লেবেল অনুসৰি, ইয়াত ২৪ শতাংশ কাৰ্বহাইড্ৰেট আছে আৰু এইয়া অনুমোদিত আহাৰ ভাট্টাৰ প্ৰায় ১৮ শতাংশ। যদি গোটেই দিনটোত এনে খাদ্য গ্ৰহণ কৰা হয় য’ত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ বেছি থাকে, তেনেহ’লে দিনটোৰ কাৰ্বহাইড্ৰেটৰ সীমা অতিক্ৰম কৰাটো স্বাভাৱিক আৰু ই স্বাস্থৰ বাবে হানিকাৰক।ভাৰতত, খাদ্যৰ পেকেটৰ লেবেলত প্ৰতি ১০০ গ্ৰামৰ পুষ্টিহে তালিকাভুক্ত কৰা হয়। যদি একে সময়তে ১০০ গ্ৰামতকৈ অধিক খাদ্য খোৱা হয় তেনেহ’লে সেই অধিক পৰিমাণে সেই পুষ্টি শৰীৰলৈ যায়।
খাদ্যৰ পেকেট সমূহত এনে কিছুমান উপাদান থাকে যিবোৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই উপকাৰী নহয়। বিশেষকৈ চাৰিটা উপাদানৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব লাগে – চেনী, নিমখ বা ছডিয়াম, সংপৃক্ত চৰ্বি আৰু ফাইবাৰ । এই সকলোবোৰ উপাদানে আপোনাৰ ওজন আৰু ৰক্তচাপ সলনি কৰিব পাৰে, যি হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে।
চেনী: চেনী আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এক অপৰিহাৰ্য্য পদাৰ্থ। চেনী আমি সকলো খাদ্যতে ব্যৱহাৰ কৰোঁ বুলি কলেও হয়টো ভুল নহব। কিন্তু অত্যাধিক চেনীৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয়। ইয়াত কাৰ্বোহাইড্ৰেটৰ বাহিৰে আন কোনো পুষ্টি নাথাকে। অধিক চেনী গ্ৰহণে কেলৰিৰ পৰিমাণ বৃদ্ধি কৰে আৰু ই ভোকৰ পৰিমাণ কমাই যাৰ বাবে স্বাস্থ্যকৰ খাদ্য খোৱাত বাধা দিয়ে। অত্যাধিক চেনী সেৱনে শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ বজাই ৰখাৰ সামৰ্থ্যকো প্ৰভাৱিত কৰে। চেনী, মৌ, গুড়, কৰ্ণ চিৰাপ, কৰ্ণ চেনী আদি থকা খাদ্যৰ পৰা সদায় সাৱধান হ’ব লাগে। চেনীক অন্যান্য নামেৰেও বিক্ৰেতাই গ্ৰাহকৰ মাজত বিক্ৰী কৰি আহিছে। তাৰ ভিতৰত ব্ৰাউন চুগাৰ, বেতৰ চেনী, মাকৈ মিঠা, ডেক্সট্ৰোজ, মাল্টোজ, ফলৰ ৰস আৰু গ্লুকোজ অন্যতম। এইবোৰৰ কোনোটোৱেই স্বাস্থ্যকৰ নহয়।উদাহৰণ স্বৰূপে এটা ১ লিটাৰৰ জুচৰ পেকেটৰ লেবেলত তথ্য থাকে ১০০ মিলিলিটাৰৰ।যদি পেকেটটোৰ পৰা ১০০ মিলিলিটাৰ জুচ খোৱা যায় তেন্তে ইয়াৰ পৰা মুঠ ১২.৬ গ্ৰাম চেনী পোৱা যায়। ইয়াত যোগ কৰা চেনী হৈছে ৮.৩ গ্ৰাম। এই পৰিমাণৰ চেনী শৰীৰৰ বাবে একেবাৰেই প্ৰয়োজন নহয়।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এজন স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে ২৫ গ্ৰামতকৈ অধিক চেনী গ্ৰহণ কৰিব নালাগে। ই প্ৰায় ৬ চাহ চামুচ চেনীৰ সমান। আৰু এটা সৰু গিলাচৰ ৰসৰ পৰা গোটেই দিনটোৰ আধা চেনী পোৱা যায়। গতিকে তেনেকৈ যদি এটা দিনত ২ টা পেকেট জুছ খোৱা যায় তেন্তে কল্পনা কৰক গোটেই দিনটোত কিমান অধিক চেনী সেৱন কৰা হ’ল।
নিমখ: চেনীৰ দৰে অত্যাধিক নিমখ সেৱনো স্বাস্থ্যৰ বাবে অপকাৰী। উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ সদায় কম ছডিয়ামযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে। কেতিয়াবা কিছুমান আহাৰ নিমখীয়া নহবলৈও নিমখ যোগ কৰা হয়। যেনে কেক, ব্ৰেড, বিস্কুট আদি আৰু এনেবোৰ খাদ্যও উপকাৰী নহয়। ভাৰতত এজন প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে ৫-৬ গ্ৰামতকৈ অধিক নিমখ গ্ৰহণ কৰিব নালাগে। ই প্ৰায় এক চাহ চামুচৰ সমান।
কিছুমান সামগ্ৰীৰ লেবেলত নিমখৰ সলনি ছডিয়ামৰ উল্লেখ থাকে। এনে ক্ষেত্ৰত নিমখৰ পৰিমাণ জানিবলৈ ছডিয়ামৰ পৰিমাণক ২.৫ ৰে পূৰণ কৰিব লাগে। ছডিয়ামৰ পৰিমাণ প্ৰতিদিনে ২৩০০ মিলিগ্ৰাম বা ২.৩ গ্ৰামতকৈ কম হ’ব লাগে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত ১৪৪ নিযুত লোকৰ উচ্চ ৰক্তচাপ আছে কিন্তু মাত্ৰ ৩৭% লোকৰ হে এই ৰোগ ধৰা পৰিছে। ইয়াৰ ভিতৰত, মাত্ৰ ৩০% লোকে চিকিৎসা গ্ৰহণ কৰি আছে।
সংপৃক্ত চৰ্বি: খাদ্যৰ পেকেটতসমূহত সদায় সংপৃক্ত চৰ্বি বা ট্ৰেন্স চৰ্বিৰ পৰিমাণ পৰীক্ষা কৰিব লাগে। স্বাস্থ্যকৰ আহাৰৰ বাবে, সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰল কম ৰখাটো প্ৰয়োজনীয়। ইয়াৰ লগতে ট্ৰেন্স চৰ্বি সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে। সংপৃক্ত চৰ্বিৰ ভিতৰত পৰে মাখন, ঘিউ, নাৰিকল তেল ইত্যাদি। অসংপৃক্ত চৰ্বি যেনে জলফাই তেল, সৰিয়হৰ তেল। উদাহৰণ স্বৰূপে, ১০০ গ্ৰাম চিপচৰ পেকেট এটাত ৫৫৫ কিলো কেলৰি, ৫১ গ্ৰাম কাৰ্বহাইড্ৰেট, ৩৫ গ্ৰাম চৰ্বি থাকে। যদি গোটেই দিনটোত ২০০০ কিলো কেলৰি আহাৰ গ্ৰহণ কৰা হয় তেন্তে ইয়াৰ ২০-৩০ শতাংশ চৰ্বি অৰ্থাৎ ৪৪-৭৫ গ্ৰাম চৰ্বি হ’ব লাগে। এতিয়া দেখা গৈছে যে কেৱল এটা মাত্ৰ চিপছৰ পেকেটৰ পৰাই ৫৫৫ কিলো কেলৰি আৰু ৩৫ গ্ৰাম চৰ্বি পোৱা যায়।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, শৰীৰত অত্যাধিক চৰ্বি জমা হোৱাৰ ফলত বহুতো ৰোগৰ আশংকা বৃদ্ধি হয়। ইয়াৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ, মধুমেহ, হৃদযন্ত্ৰ আৰু হাঁওফাঁওৰ ৰোগৰ সৃষ্টি হয় আৰু এই ৰোগসমূহ মৃত্যুৰ কাৰণো হৈ পৰে। যোৱা বছৰ, সমগ্ৰ বিশ্বতে মেদবহুলতাৰ ফলত ২.৪ নিযুত লোকৰ মৃত্যু হৈছিল।
ফাইবাৰ: অধিক আঁহ যুক্ত খাদ্যও শৰীৰৰ বাবে হানিকাৰক। প্ৰত্যেক খাদ্য সেৱনত মাত্ৰ ৫ গ্ৰাম আঁহযুক্ত খাদ্য খাব লাগে। ভাৰতত এছ এছ এ আইৰ নিয়মাৱলীয়ে পুষ্টিৰকৰ খাদ্যৰ বাবে কিছুমান চৰ্ত আৰু নিয়ম নিৰ্ধাৰণ কৰি দিছে। উদাহৰণ স্বৰূপে, খাদ্য সামগ্ৰী এটাত উচ্চ আঁহ থাকে বুলি তেতিয়া হে দাবী কৰিব পাৰি যদিহে ১০০ গ্ৰাম খাদ্যত আঁহ বা ফাইবাৰৰ পৰিমাণ ৬ গ্ৰামতকৈ অধিক হয় অৰ্থাৎ ৬ শতাংশতকৈ অধিক হয়।
গতিকে যেতিয়াই আপুনি খাদ্যৰ পেকেট এটা কিনিবলৈ যায়, ইয়াৰ লেবেল পঢ়িবলৈ কিছু সময় লওঁক যাতে আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে সঠিক বাছনি কৰিব পাৰে।