Monday, September 30, 2024
HomeIndiaগণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত ঘূণে ধৰা সাংবাদিক আৰু সাংবাদিকতা!

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত ঘূণে ধৰা সাংবাদিক আৰু সাংবাদিকতা!

দ্ৰোণাৰ সামাজিক মাধ্যমৰ ৱালৰ পৰা:-

কোন দিশে গতি কৰিছে বৰ্তমান সাংবাদিকতা ? সাংবাদিক সকলৰ দায়বদ্ধতাক লৈ বৰ্তমান সময়ত প্ৰায়ে উত্থাপিত হৈ আহিছে এই প্ৰশ্ন । কোৱা হয় সাংবাদিক সকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, জনতাৰ দাপোন । পিছে বৰ্তমান প্ৰেক্ষাপটত যেন সুস্থ সাংবাদিকতাৰ বিচৰা আৰু দায়বদ্ধ সাংবাদিক বিচৰাতো পৰ্বতত গৈ কাছৰ কণী বিচৰা লেখীয়া হৈ পৰিছে !

সম্প্ৰতি চলি আছে অসম বিধানসভাৰ বাজেট অধিবেশন। প্ৰায় প্ৰতিদিনে বিধানসভাৰ মজিয়াত শাসক বিৰোধীৰ বিধায়ক সকলে বিভিন্ন বিভাগৰ মন্ত্ৰী সকলক লিখিত অথবা মৌখিক প্ৰশ্নৰ জৰিয়তে কৰি আহিছে নানান বিষয়ত জবাবদিহি। বিধানসভাৰ দিন কেইটাত প্ৰতি দিনেই বিধানসভাৰ মজিয়াত লিখিত প্ৰশ্ন অথবা প্ৰশ্নোত্তৰ কালছোৱাত প্ৰকাশ পাই আহিছে বহু তথ্য। কোনো প্ৰশ্নৰ উত্তৰত যদি চৰকাৰে লোৱা ঋণৰ পৰিমাণ প্ৰকাশ পাইছে, কোনো প্ৰশ্নৰ উত্তৰত আকৌ সুৰাৰৰ বিপনিৰ বৰ্ধিত সংখ্যা প্ৰকাশ পাইছে, কোনো প্ৰশ্নৰ উত্তৰত প্ৰকাশ পাইছে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰৰ ব্যয়, কেতিয়াবা যদি NRCক লৈ চৰকাৰে লোৱা দুমুখীয়া চৰিত্ৰ প্ৰকাশ পাইছে কেতিয়াবা আকৌ খেতি পথাৰৰ জনসিঞ্চনৰ পুতৌজনক অৱস্থাৰ পৰিসংখ্যা প্ৰকাশ পাইছে। আকৌ কেতিয়াবা চৰকাৰৰ স্ব বিৰোধী কেতবোৰ বিস্ফোৰক তথ্য প্ৰতিদিনেই প্ৰকাশ হৈ আহিছে। কিন্তু এইবোৰক লৈ যেন সজাগ-সচেতন নহয় সাংবাদিক সকল। প্ৰতিদিনেই সাংবাদিক সকলে শাসক বিৰোধীৰ বিধায়ক সকলৰ ভাষ্য গ্ৰহণ কৰি আহিছে। সেইবোৰক লৈ টেঁটু ফলা চিঞৰেৰে কৰি আহিছে সংবাদ পৰিৱেশন। কিন্তু অতি দৃষ্টি কটু ভাৱে সাংবাদিক সকলে বিধায়ক সকলক কৰা প্ৰশ্ন সমূহৰ অধিকাংশই সীমাবদ্ধ হৈ ৰৈছে কেৱল মুখ চুপতি মৰা কেতবোৰ দলীয় কথা বতৰাত অথবা ব্যক্তিগত আক্ৰমণ প্রত্যাক্ৰমণত। বিধানসভাৰ মজিয়াত সাংবাদিক সকলে শাসক বিৰোধী নেতা সকলক প্ৰায়ে প্ৰশ্ন কৰা শুনা গৈছে ইণ্ডি মিত্ৰজোঁটত আউল লাগিছে কি ক’ব ? প্ৰধানমন্ত্ৰীয়ে ৪০০+ আসন পাম বুলি কৈছে কি ক’ব ? মুখ্যমন্ত্ৰীয়ে ১০০+ আসন পাম বুলি কৈছে আপুনি কি ভাবে ? ইত্যাদি ইত্যাদি । এইবোৰেই যেন দেখে শুনে আৰু গুৰুত্বপূৰ্ণ বুলি ভাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কৈ ফুৰা সাংবাদিক সকলে। বিধানসভাৰ মজিয়াটো সাংবাদিক সকলৰ বাবে যেন এয়াই গুৰুত্বপূৰ্ণ প্ৰশ্ন, গুৰুত্বপূৰ্ণ বিষয়। এয়াই যেন এয়াই সাংবাদিকতাৰ ধৰ্ম।

আজি সদনত উত্থাপন কৰা হ’ল বাজেট । বাজেটত কি আছে কি নাই সেই সম্পৰ্কত মই ব্যক্তিগত মতামত দিয়াৰ পৰা বিৰত থাকিম । কিন্তু আজি বাজেট পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক প্ৰায় ২০ মিনিটত কৈও অধিক সময় সম্বোধন কৰিলে। আশা কৰিছিলোঁ অন্য দিনা মুখ চুপতি মৰা কথা সাংবাদিক সকলে নেতাক সুধিলেও আজি হয়তো বাজেট ওপৰত মুখ্যমন্ত্ৰীক হয়তো টান প্ৰশ্ন কৰিব । কিন্তু নাই। মুখ্যমন্ত্ৰীয়ে সাংবাদিক সম্বোধন কৰা দৃশ্য প্ৰায়বোৰ সংবাদ মাধ্যমে Live দেখুৱাইছিল। পিছে সাংবাদিক সকলে আজিও মুখ্যমন্ত্ৰীক বাজেটৰ সন্দৰ্ভত কৰিবলৈ কোনো প্ৰশ্ন বিচাৰি নাপালে, হয়তো সুধিবলৈ সাহস গোটাব নোৱাৰিলে। আজিও সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে আজমলৰ ওপৰত, আজিও মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা হ’ল বাজেটৰ সৈতে সম্পৰ্ক নথকা UCCৰ ওপৰত। কোনোবা এগৰাকী সাংবাদিকে আকৌ মুখ্যমন্ত্ৰীক তৈল মৰ্দন কৰাৰ সীমা চেৰাই সুধিলে, ‘ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহু বিবাহ বন্ধ কৰাৰ আইন অনাৰ পূৰ্বেই মুছলমান মহিলাই আপোনাক প্ৰশংসাৰে উপচাই পেলাইছে, আপুনি কি ক’ব’ । এগৰাকী সাংবাদিকে প্ৰশ্ন কৰা শুনা গ’ল, ‘মহানগৰীত চাইৰেন গেং ওলাইছে, আপুনি কি ক’ব।’

বাজেটৰ সন্দৰ্ভত অধিকাংশ সাংবাদিকৰেই জ্ঞান সীমিত যদিও আজি দিনৰ ভাগত প্ৰশ্নোত্তৰ শিতানত NRCৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰৰ ওপৰতো সোধা নহ’ল এটাও প্ৰশ্ন। উল্লেখযোগ্য যে, এইখন NRC নামনো, পুনৰীক্ষণ কৰিম বুলি ৰাজনীতিৰ গৰম ৰুটি সেকা মুখ্যমন্ত্ৰীয়ে উত্তৰ দিছিল NRCৰ পুনৰীক্ষণৰ বাবে চৰকাৰে দিয়া নাই কোনো শপতনামা। এই সামান্য বিষয়টোৰ ওপৰতো মুখ্যমন্ত্ৰীক জবাবদিহি কৰিবলৈ কোনো এগৰাকী সাংবাদিকৰ মন মগজুৱে ঢুকি নাপালে যাৰ বাবে তেওঁলোকৰ প্ৰশ্ন সীমাবদ্ধ হৈ থাকিল আজমল- UCC- বহু বিবাহ আইনৰ ওপৰতেই। এয়াই এতিয়াৰ সাংবাদিকতা, এয়াই এতিয়া সাংবাদিকৰ দায়বদ্ধতা, এয়াই এতিয়া গণতন্ত্ৰৰ ঘূণে ধৰা চতুৰ্থ স্তম্ভৰ বাস্তৱতা। ধিক্কাৰ…

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments