Friday, October 4, 2024
HomePoliticsচণ্ডীগড়ৰৰ মেয়ৰ নিৰ্বাচন হাৰিল বিজেপি। AAP ৰ দখললৈ মেয়ৰ পদ

চণ্ডীগড়ৰৰ মেয়ৰ নিৰ্বাচন হাৰিল বিজেপি। AAP ৰ দখললৈ মেয়ৰ পদ

২০ ফেব্ৰুৱাৰী: চণ্ডীগড়ৰৰ মেয়ৰ নিৰ্বাচনত সংঘটিত ব্যাপক খেলিমেলিক লৈ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। চণ্ডীগড়ৰৰ নতুন মেয়ৰ হ’ব আম আদমী পাৰ্টীৰ নেতা কুলদ্বীপ কুমাৰ। বিসংগতি পূৰ্ণ নিৰ্বাচনী ফলাফল প্ৰত্যাখ্যান কৰি কুলদ্বীপ কুমাৰক পৰৱৰ্তী মেয়ৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ। পক্ষপাতীত কৰি প্ৰিজাইৰ্ডিং বিষয়াই অমান্য কৰা ৮ খন বেলট পেপাৰক মান্যতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ। বিজেপি প্ৰাৰ্থী মনোজ সোনকাৰ চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ হিচাপে কাৰ ঘোষণাক অবৈধ হিচাপে প্ৰমাণ হ’ল উচ্চতম ন্যায়ালয়ত। চণ্ডীগড়ৰৰ মেয়ৰ নিৰ্বাচনত গণতান্ত্ৰিক পৰম্পৰাক হত্যা কৰা হৈছিল বুলি টিপ্পনী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰৰ। সেই গণতান্ত্ৰিক পৰম্পৰাক হত্যা কৰা প্ৰিজাইৰ্ডিং বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত দেখা পোৱা গৈছিল ৰিগিং আৰু অনিয়মৰ ঘটনা। প্ৰিজাইৰ্ডিং বিষয়া গৰাকীয়ে বেলট বাকচৰ লগত হেতালি খেলাৰ এক দৃশ্য ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। মেয়ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াক প্ৰিজাইডিং অফিচাৰে প্ৰভাম্বিত কৰাৰ অভিযোগ তুলিছিল আম আদমী পাৰ্টীয়ে। দিন দুপৰতে বিজেপিয়ে ভোট চুৰি কৰি মেয়ৰ নিৰ্বাচনত জয়লাভ হৈছিল বুলি অভিযোগ তুলিছিল বিৰোধীয়ে। ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা নিৰ্বাচন ৰহস্যজনকভাবে প্ৰিজাইডিং অফিচাৰে পিছুৱাই দিছিল ৬ ফেব্ৰুৱাৰীলৈ। ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থীৰ ভোট বাতিল হোৱা ঘটনাই নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক ঠেলি দিছিল সন্দেহৰ আৱৰ্তলৈ। এই অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল আম আদমী পাৰ্টী। মঙলবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি চণ্ডীগড় মেয়ৰ নিৰ্বাচনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰে সৰ্বোচ্চ ন্যায়ালয়ে। ৰিটাৰ্ণিং অফিচাৰ অনিল মাচিহক উচ্চতম ন্য়ায়ালয়ে নিলম্বনৰ নিৰ্দেশ দিছে।

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments