২৭ ফেব্ৰুৱাৰী: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ কোনো অজ্ঞাত ব্যক্তিয়ে বন্ধ খামত দিয়া এখন চিঠিয়ে বিপদ মাতিছে বাবা ৰামদেৱৰ পতঞ্জলিলৈ। বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে আকৌ বিতৰ্কত পতঞ্জলি।পুনৰবাৰ উচ্চতম ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হ’ল বাবা ৰামদেৱৰ পতঞ্জলি। ৰোগ প্ৰতিৰোধৰ নামত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ ভুৱা বিজ্ঞাপন দিছিল পতঞ্জলি কোম্পানীয়ে।সমাজক বিপথে পৰিচালিত কৰা বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে জৰিমনা ভৰিব লাগিব পতঞ্জলিয়ে। মঙলবাৰে পূৰ্বৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰিও বিষয়টোৰ সন্দৰ্ভত ৰামদেৱক সতৰ্ক কৰি দিছিল সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত পতঞ্জলি কোম্পানীৰ বিৰুদ্ধে গঠন হ’ব পাৰে তদন্তকাৰী কমিটি। উচ্চ ৰক্তচাপ, মধুমেহ,হাঁপানি আদি ৰোগ নিৰাময়ৰ নামত বিজ্ঞাপন দি বিভ্ৰান্ত কৰিছিল গ্ৰাহকক। বিভ্ৰান্তিকৰ বিজ্ঞাপনেৰে এলোপেথিক চিকিৎসাৰ সন্দৰ্ভত গ্ৰাহকক বিভ্ৰান্ত কৰাৰ অভিযোগ পতঞ্জলিৰ বিৰুদ্ধে। পতঞ্জলি কোম্পানীৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে চলিত বৰ্ষৰ ১৫ জানুৱাৰীত উচ্চতম ন্যায়ালয়লৈ এখন চিঠি প্ৰেৰণ কৰিছিল কোনো অজ্ঞাত লোকে। বিগত বৰ্ষৰ ২১ নৱেম্বৰত বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ নকৰিবলৈ পতঞ্জলিক সতৰ্কবাণী দিছিল উচ্চতম ন্যায়ালয়ে। ইয়াৰ পূৰ্বে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ এক গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ ভৎসনাৰ সন্মুখীন হৈছিল ৰামদেৱ। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতো কেৰেপ নকৰা ৰামদেৱৰ পতঞ্জলি কোম্পানীয়ে প্ৰকাশ কৰিছিল বিভ্ৰান্তিকৰ বিজ্ঞাপন। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰাৰ অপৰাধত পতঞ্জলিয়ে জৰিমনা হিচাপে ভৰিব লাগিব ১ কোটি টকা।