Friday, October 4, 2024
HomeIndia২৪ ত হ'ব নেকি 'এক ৰাষ্ট্ৰ,এক নিৰ্বাচন'ৰ টেষ্টিং?

২৪ ত হ’ব নেকি ‘এক ৰাষ্ট্ৰ,এক নিৰ্বাচন’ৰ টেষ্টিং?

১৩ মাৰ্চ: ক্ৰমাৎ ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ। আসন্ন লোক সভা নিৰ্বাচনৰ সময়তে কেইবাখনো ৰাজ্যত পৰীক্ষামূলক ভাবে অনুষ্ঠিত হ’ব লোক সভা আৰু বিধানসভাৰ নিৰ্বাচন। পৰীক্ষামূলকভাবে ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ৰ অনুষ্ঠিত হ’ব পাৰে উৰিষ্যা,অন্ধ প্ৰদেশ, ছিক্কিম, অৰুণাচল আৰু হাৰিয়ানাত। আনুষ্ঠানিকভাবে কোনো ইংগিত নিদিলেও ইতিমধ্যে যাৱতীয় কচৰৎ অব্যাহত ৰাখিছে নিৰ্বাচনী আয়োগে। নিৰ্বাচনী আয়োগৰ এই পাইলট প্ৰজেক্ট সফল হ’লেই ২০২৯ চনত দেশজুৰি হ’ব পাৰে ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’। ইতিপূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন কৰি দিয়া হৈছিল ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ সমিতি। স্বাধীনোত্তৰ ভাৰতত ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈ একেলগে অনুষ্ঠিত হৈছিল লোক সভা আৰু বিধানসভাৰ নিৰ্বাচন। অৱশ্যে এতিয়াও ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নাই চূড়ান্ত প্ৰতিবেদন। ২০২৪ ত নহ’লেও ২০২৯ চনত দেশত কাৰ্যকৰী হোৱাটো প্ৰায় খাটাং হৈছে ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’।১৩ মাৰ্চ: ক্ৰমাৎ ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ। আসন্ন লোক সভা নিৰ্বাচনৰ সময়তে কেইবাখনো ৰাজ্যত পৰীক্ষামূলক ভাবে অনুষ্ঠিত হ’ব লোক সভা আৰু বিধানসভাৰ নিৰ্বাচন। পৰীক্ষামূলকভাবে ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ৰ অনুষ্ঠিত হ’ব পাৰে উৰিষ্যা,অন্ধ প্ৰদেশ, ছিক্কিম, অৰুণাচল আৰু হাৰিয়ানাত। আনুষ্ঠানিকভাবে কোনো ইংগিত নিদিলেও ইতিমধ্যে যাৱতীয় কচৰৎ অব্যাহত ৰাখিছে নিৰ্বাচনী আয়োগে। নিৰ্বাচনী আয়োগৰ এই পাইলট প্ৰজেক্ট সফল হ’লেই ২০২৯ চনত দেশজুৰি হ’ব পাৰে ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’। ইতিপূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন কৰি দিয়া হৈছিল ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ সমিতি। স্বাধীনোত্তৰ ভাৰতত ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈ একেলগে অনুষ্ঠিত হৈছিল লোক সভা আৰু বিধানসভাৰ নিৰ্বাচন। অৱশ্যে এতিয়াও ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নাই চূড়ান্ত প্ৰতিবেদন। ২০২৪ ত নহ’লেও ২০২৯ চনত দেশত কাৰ্যকৰী হোৱাটো প্ৰায় খাটাং হৈছে ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’।

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments