২৩ মাৰ্চ: মোৰাৰজী দেশাই চৰকাৰৰ ভুলটোকে কৰিছে নেকি মোদী চৰকাৰে? কেজৰিৱাল গ্ৰেপ্তাৰ হ’লত ৰাজনৈতিক মাইলেজ পাব নেকি আপে? পুনৰাবৃত্তি ঘটিব নেকি ৪৫ বছৰীয়া ৰাজনৈতিক ইতিহাস? হেমন্ত চোৰেণৰ পাছত পাল পৰিল কেজৰিৱালৰ। কেজৰিৱালৰ গ্ৰেপ্তাৰে ৰাজনৈতিক উত্থান ঘটাব নেকি আপৰ ?
বলপূৰ্বক আৰু স্বেচ্ছাচাৰীভাবে দেশবাসীৰ ওপৰত ২১ মাহৰ বাবে জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ পাছত ৰাজনৈতিক পতন অনিবাৰ্য হৈ পৰিছিল ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ। ভবাৰ দৰেই ৰূপ লৈছিল ৰাজনৈতিক পৰিঘটনাই। জৰুৰী কালীন অৱস্থা শেষ হোৱাৰ পাছত ১৯৭৭ চনৰ ষষ্ঠ সংখ্যক দেশৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰাৰ একছত্ৰী শাসনক উফৰাই দেশবাসীয়ে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বহুৱাইছিল অ-কংগ্ৰেছী চৰকাৰ। ইন্দিৰাৰ অহংকাৰত পদাঘাত কৰি দেশৰ ষষ্ঠ সংখ্যক প্ৰধানমন্ত্ৰী হৈছিল মোৰাৰজী দেশাই। নৰেন্দ্ৰ মোদীৰ দৰে গুজৰাটৰ পৰা আহি দিল্লীৰ মচনদ দখল কৰা মোৰাৰজী দেশাই হৈ পৰিছিল দেশবাসীৰ বাবে ৰাজনৈতিক Hero। মোৰাৰজী নেতৃত্বত জনতা দলৰ মৰ্চাই চৰকাৰ গঠন কৰাৰ পাছতেই ভবা হৈছিল ৰাজনৈতিক পতন ঘটিব ইন্দিৰা গান্ধী তথা গান্ধী পৰিয়ালৰ। কিন্তু ভবাৰ দৰে হৈ উঠা নাছিল কথাবোৰ। মোৰাৰজী দেশাই চৰকাৰৰ এটা সিদ্ধান্তই সলনি কৰিছিল দিছিল ইন্দিৰা গান্ধীৰ ৰাজনৈতিক ভৱিষ্যত। ১৯৭৭ চনৰ ৩ অক্টোবৰত ইন্দিৰা গান্ধীক গ্ৰেপ্তাৰ কৰি ভুল বুলি প্ৰতিপন্ন কৰিছিল জনতা দলে! দেশত ২১ মাহৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দেশবাসীৰ বাবে ভিলেইন হৈ পৰা ইন্দিৰা গান্ধীৰ ৰাজনৈতিক উত্থান পুনৰবাৰ সম্ভৱ নহ’ল হেতেন যদিও ১৯৭৭ চনৰ ৩ অক্টোবৰত মোৰাৰজী দেশাইৰ নেতৃত্বাধীন জনতা দলৰ চৰকাৰে জীপ ক্ৰয় কেলেংকাৰীৰ অভিযোগ তুলি CBI ৰ হতোৱাই গ্ৰেপ্তাৰ নকৰিলে হেতেন ইন্দিৰা গান্ধীক। চৰকাৰ গঠন কৰিয়েই মোৰাৰজীৰ দেশাইয়ে প্ৰতিশোধ লৈছিল ইন্দিৰা গান্ধীৰ ওপৰত। জৰুৰীকালীন অৱস্থাৰ সময়ত ১৯ মাহ ধৰি কাৰাগাৰৰ অন্ধকুঠুৰীলৈ নিক্ষেপ কৰা হৈছিল জনতা দল তথা বিৰোধীৰ অধিকাংশ নেতাক। ইন্দিৰা চৰকাৰৰ পতনৰ লগে লগে সেই পুৰণি ঘাঁহ প্ৰশমিত কৰিবলৈ মোৰাৰজী চৰকাৰে বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰি বিশেষ তথ্য প্ৰমাণ মজুত নথকাৰ পাছতো গ্ৰেপ্তাৰ কৰিছিল ইন্দিৰা গান্ধীক। সেয়েহে বিৰোধী শিবিৰৰ নেতাক ১৯ মাহ কাৰাৰুদ্ধ কৰি ৰখা ইন্দিৰা গান্ধীক ১৯ ঘন্টাতকৈও কম সময়হে গ্ৰেপ্তাৰ কৰি ৰাখিব পাৰিছিল মোৰাৰজী দেশাইৰ চৰকাৰে। Operation Blunder য়ে বে’ক ফুটলৈ ঠেলি দিছিল মোৰাৰজী দেশাই চৰকাৰৰ ভৱিষ্যত। ইন্দিৰা গান্ধীৰ গ্ৰেপ্তাৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই চৰকাৰৰ এক ঐতিহাসিক ভুল হিচাপে আজিও বিবেচনা কৰে ৰাজনৈতিক বিশ্লেষক সকলে। গ্ৰেপ্তাৰৰ পাছত ইন্দিৰা গান্ধীৰ প্ৰতি দেশবাসীৰ মনত সৃষ্টি হ’ল অনুকম্পা। ইন্দিৰাৰ প্ৰতি জনতাৰ মাজত সৃষ্টি হোৱা অনুকম্পা আৰু জনতা দলৰ মাজত সৃষ্টি হোৱা অৰিয়াঅৰিয়াৰ বাবে ১৯৮০ চনত দেশৰ সাধাৰণ নিৰ্বাচনত ৩৫৩ খন আসন দখলেৰে অবিশ্বাস্য সফলতা লাভ কৰে কংগ্ৰেছে। দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হয় ইন্দিৰা গান্ধী।
ইতিহাসৰ সেই ৰাজনৈতিক পৃষ্ঠাটোৰ জেৰ টানিয়েই ৰাজনৈতিক মহলত চৰ্চা চলিছে, সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালৰ। ইন্দিৰা গান্ধীৰ দৰে ৰাজনৈতিক প্ৰত্যাৱৰ্তন সম্ভৱ নে ? নে দেশৰ ৰাজনৈতিক ইতিহাসত হিৰো পৰা জিৰো হৈ যাব কেজৰিৱাল ?
গতিকে প্ৰশ্ন হয়, কেজৰিৱালক গ্ৰেপ্তাৰ কৰি মোমাৰজী দেশাই চৰকাৰৰ ভুলটোকে কৰিছে নেকি মোদী চৰকাৰে ?যদি সেয়ে হয় তেন্তে গ্ৰেপ্তাৰ হৈও আসন্ন লোক সভা নিৰ্বাচনত জনতাৰ সহানুভূতিৰে বিশেষকৈ দিল্লী আৰু পঞ্জাৱত চমকপ্ৰদ উত্থান হ’ব পাৰে আম আদমী পাৰ্টীৰ।