Friday, September 27, 2024
HomeIndiaইলেক্ট্ৰৰেল বণ্ডৰ কুখ্যাত কাহিনী! বিজেপিক চান্দা দি কোটিটকীয়া ঠিকা পালে মেঘা কোম্পানীয়ে!

ইলেক্ট্ৰৰেল বণ্ডৰ কুখ্যাত কাহিনী! বিজেপিক চান্দা দি কোটিটকীয়া ঠিকা পালে মেঘা কোম্পানীয়ে!

২৩ মাৰ্চ: পোহৰলৈ আহিছে ঠিকা আৱন্তনৰ নামত বিজেপিক চান্দা দিয়াৰ আন এক কুখ্যাত কাহিনী। ইলেক্ট্ৰৰেল বণ্ডৰ জড়িয়তে Megha Engineering and Infrastructure Pvt Ltd য়ে বিজেপিক চান্দা দিছিল ৫৮৪ কোটি টকা। ২০২৩ চনৰ মে’ মাহত মুম্বাইত মেঘা কোম্পানীয়ে লাভ কৰিছিল ১৪,৪০০ কোটি টকাৰ প্ৰকল্পৰ কাম। কোটি টকীয়া প্ৰজেক্ট লাভ কৰাৰ এমাহ পূৰ্বে মেঘা কোম্পানীয়ে দিয়া চান্দাৰ ১৪০ কোটি টকা সোমাইছিল বিজেপিৰ একাউন্টত। সৰ্বাধিক ইলেক্ট্ৰৰেল বণ্ড দান কৰা হায়দৰাবাদৰ অন্যতম Infrastructure কোম্পানীটোৰ কাৰু কাৰ্যক লৈ সৃষ্টি হৈছে বিতৰ্ক। ইলেক্ট্ৰৰেল বণ্ডৰ জড়িয়তে Megha Engineering and Infrastructure Pvt Ltd য়ে সৰ্বমুঠ চান্দা দিছিল ৯৬৬ কোটি টকা। কোম্পানীটোয়ে দান কৰা ৯৬৬ কোটি টকাৰ ভিতৰত সৰ্বাধিক ৫৮৪ কোটি টকা চান্দা লাভ কৰিছিল বিজেপিয়ে। Megha Engineering and Infrastructure Pvt Ltd ৰ প্ৰায় ৬০ শতাংশ চান্দা গৈছিল বিজেপিৰ পুঁজিলৈ। ইয়াৰোপৰিও হায়দৰাবাৰ মেঘা কোম্পানীয়ে ১৯৫ কোটি টকাৰ চান্দা দান দিছিল ভাৰত ৰাষ্ট্ৰীয় সমিতিক। ১৪,৪০০ কোটি টকাৰ পুঁজি আৱন্তন লাভ কৰা মেঘা কোম্পানীয়ে মুম্বাইত নিৰ্মাণ কৰিছিল ১১.৮৪ কিঃমিঃ দৈৰ্ঘ্যৰ এটা টাৰ্ণেল। তাৰোপৰি Megha Engineering and Infrastructure Pvt Ltd লাভ কৰিছিল মুম্বাইৰ এটা বুলেট ষ্টেচন নিৰ্মাণৰ কাম।SC ৰ ধমক খাই SBI কৰ্তৃপক্ষই ইলেক্ট্ৰৰেল বণ্ডৰ ইউনিক নাম্বাৰ ৰাজহুৱা কৰাৰ পাছতেই স্পষ্ট হৈছে এই কথা।

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments