Himachal Pradesh:
হিমাচল প্ৰদেশত বিধায়ক পদৰ বাবে অযোগ্য ঘোষণা কৰা ছয়জন বিদ্ৰোহী কংগ্ৰেছ বিধায়ক আৰু তিনিজন নিৰ্দলীয় বিধায়কে শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ উপস্থিতিত চিমলাত বিজেপিত যোগদান কৰে। বিজেপিসূত্ৰই জনোৱা অনুসৰি, কংগ্ৰেছৰ ছয়জন নিলম্বিত বিধায়কৰ লগতে তিনিজন নিৰ্দলীয় ব্যক্তিয়েও পদত্যাগ কৰিব আৰু উপ-নিৰ্বাচনৰ সন্মুখীন হ’ব।
বৰখাস্ত ছ’জন কংগ্রেছ বিধায়কে হিমাচল বিধানসভাৰ অধ্যক্ষ কুলদীপ সিং পাঠানিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ বিচাৰপীঠে কংগ্ৰেছৰ ছয়জন নিলম্বিত বিধায়কৰ দ্বাৰা দাখিল কৰা আবেদন খাৰিজ কৰি দিয়ে।
শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত, নিৰ্বাচন আয়োগে ঘোষণা কৰে যে ১৮ মাৰ্চত ছয়খন বিধানসভা আসনৰ বাবে ৭ মে’ত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।
বিজেপিয়ে কংগ্ৰেছৰ ছয়জন নিলম্বিত বিধায়ক- ৰবি ঠাকুৰ (লাহৌল-স্পিতি), ৰাজেন্দ্ৰ ৰাণা (সুজনপুৰ), সুধীৰ শৰ্মা (ধৰ্মশালা), ইন্দ্ৰদত্ত লক্ষ্মণপাল (বৰচাৰ), চৈতন্য শৰ্মা (গোগাৰেট) আৰু দেৱেন্দ্ৰ ভুট্টো (কুটলেহা)ক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে। তিনিজন নিৰ্দলীয় বিধায়ক – আশীষ শৰ্মা (হামিৰপুৰ), হোচিয়াৰ সিং (ডেহৰা) আৰু কৃষ্ণ লাল ঠাকুৰ (নালাগড়) শনিবাৰে বিজেপিত যোগদান কৰে।
দলীয় হুইপ অমান্য কৰি হিমাচল বিধানসভাৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখু চৰকাৰে বাজেট প্ৰস্তাৱ সম্পৰ্কীয় বিত্ত ীয় বিধেয়কৰ সপক্ষে ভোট নিদিয়াৰ বাবে ২৯ ফেব্ৰুৱাৰীত অধ্যক্ষ কুলদীপ যাদৱে দলত্যাগ বিৰোধী আইনৰ অধীনত কংগ্ৰেছৰ ছয়জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰিছিল। ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ ছয়জন বিধায়কে বিজেপি প্ৰাৰ্থী হৰ্ষ মহাজনৰ সমৰ্থনত ক্ৰছ-ভোট দান কৰিছিল।
তেওঁলোকৰ লগতে, সুখু চৰকাৰৰ সমৰ্থক তিনিজন নিৰ্দলীয় বিধায়কেও বিজেপিক ভোট দিছিল। কংগ্ৰেছ প্ৰাৰ্থী অভিষেক মনু সিংভি ক্ৰছ ভোটিংৰ ফলত পৰাজিত হয়। ৬৮ জনীয়া বিধানসভাত দুয়োপক্ষই ৩৪ টা কৈ ভোট লাভ কৰে, আৰু লটাৰীৰ দ্বাৰা জয় আৰু পৰাজয়ৰ সিদ্ধান্ত লোৱা হয়। ঘটনাক্ৰমে, এই বিধায়কসকলৰ বেছিভাগেই পদত্যাগী মন্ত্ৰী বিক্ৰমাদিত্য সিং আৰু তেওঁৰ মাতৃ তথা হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰতিভা সিঙৰ “ঘনিষ্ঠ” বুলি জনা যায়।
বিক্ৰমাদিত্যই ৰাজ্যসভা নিৰ্বাচনৰ পিছত সুখুৰ বিৰুদ্ধে স্বেচ্ছাচাৰীতাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। খবৰ অনুসৰি প্ৰতিভা সিং আৰু বিক্ৰমাদিত্যও বিজেপিত যোগদান কৰিব পাৰে। ৬৮ জনীয়া হিমাচল বিধানসভাৰ সংখ্যাগৰিষ্ঠৰ ‘যাদুসংখ্যা’ হৈছে ৩৫। ছয়জন বিধায়কৰ পদ খাৰিজ হোৱাৰ ফলত এতিয়া ৬২ জন বিধায়ক আছে। ফলস্বৰূপে, সংখ্যাগৰিষ্ঠ সংখ্যা ৩৩ লৈ হ্ৰাস পাইছে। বৰ্তমান, কংগ্ৰেছৰ ৩৪ জন বিধায়ক, বিজেপি ২৫। অৰ্থাৎ, বিজেপিৰ পক্ষত তিনিজন নিৰ্দলীয় পালেও কংগ্ৰেছক স্পৰ্শ কৰিব নোৱাৰে বিজেপিয়ে।
অৱশ্যে, বিক্ৰমাদিত্য আৰু কংগ্ৰেছৰ আন কেইজনমান বিধায়কৰ বিৰুদ্ধে ইতিমধ্যে বিজেপিৰ সৈতে ‘যোগাযোগ’ কৰাৰ অভিযোগ উত্থাপিত হৈছে।