Friday, October 4, 2024
HomeIndiaED ৰ জালত পৰা কোম্পানীয়ে কিয় সৰ্বাধিক চান্দা দিয়ে বিজেপিক ?

ED ৰ জালত পৰা কোম্পানীয়ে কিয় সৰ্বাধিক চান্দা দিয়ে বিজেপিক ?

বিজেপিক Keventer Group য়ে দিয়া চান্দাৰ পৰিমাণ আছিল ৩৩৪.৪২ কোটি টকা

ED ৰ তদন্তৰ সন্মুখীন হোৱা কোম্পানীয়ে ইলেক্ট্ৰৰেল বণ্ডৰ জড়িয়তে চান্দা দিছিল বিজেপিক।বণ্ডৰ ইউনিক নাম্বাৰ ৰাজহুৱা হোৱাৰ পাছতেই পোহৰলৈ আহিছে Keventer Group ৰ অখ্যাত কাহিনী। ২০১৯-২৪ ৰ ভিতৰত Keventer Group অধীনস্থ চাৰিটাকৈ কোম্পানীয়ে ক্ৰয় কৰিছিল ৬১৬.৯২ কোটি টকাৰ ইলেক্ট্ৰৰেল বণ্ড।

Keventer Group য়ে ক্ৰয় কৰা ৬১৬.৯২ কোটি টকাৰ ইলেক্ট্ৰৰেল বণ্ডৰ বৃহৎ ধনৰাশি লাভ কৰিছিল বিজেপিয়ে। Keventer Group য়ে ইলেক্ট্ৰৰেল বণ্ডৰ জড়িয়তে বিজেপিক চান্দা দিছিল মুঠ ৩৫১.৯২ কোটি টকা।

২০১৭ চনত কলকাতাৰ এটা দুগ্ধ প্ৰকল্পৰ নামত বৃহৎ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল Keventer Group ৰ বিৰুদ্ধে । কৃষি খণ্ডৰ সৈতে জড়িত Keventer Group ৰ বিৰুদ্ধে ২০১৯ চনত তদন্ত আৰম্ভ কৰে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে। ED ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে ইলেক্ট্ৰৰেল বণ্ডৰ জড়িয়তে Keventer Group য়ে চান্দা দিয়ে বিজেপিক। সেইসময়ত বিজেপিক Keventer Group য়ে দিয়া চান্দাৰ পৰিমাণ আছিল ৩৩৪.৪২ কোটি টকা। বিজেপিৰ সমান্তৰালকৈ Keventer গ্ৰুপে কংগ্ৰেছ দলক চান্দা দিছিল ১৬০.৬০ কোটি টকা।

তাৰোপৰি কোম্পানীয়ে চান্দা দিছিল TMC,সমাজবাদী পাৰ্টী,BJD,AAP,JMM,BRS আৰু শিৰোমণি আকালী দলক। অৱশ্যে ED ৰ তদন্ত আৰম্ভ হোৱাৰ পাছত Keventer Group ৰ পৰা সৰ্বাধিক চান্দা লাভ কৰিছিল বিজেপিয়ে।

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments