দেওবাৰে বিজেপিত যোগদান কৰি কুৰুক্ষেত্ৰ সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকট পালে জিন্দালে

0
50

কংগ্ৰেছীক দলীয় টিকট দি কংগ্ৰেছকে ‘দুৰ্নীতি মুক্ত’ কৰিছে নেকি বিজেপিৰ হাইকামাণ্ডে ?

দুৰ্নীতিত অভিযুক্ত উদ্যোগপতি নৱীন জিন্দালক টিকট দিয়াৰ বাবে বিজেপিক সমালোচনা কংগ্ৰেছৰ।দেওবাৰে বিজেপিত যোগদান কৰি কুৰুক্ষেত্ৰ সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকট পালে জিন্দালে। শেহতীয়াকৈ কুৰুক্ষেত্ৰ সংসদীয় সমষ্টিৰ সাংসদ নায়ৱ সিং চাইনী অধিস্থিত হৈছিল হাৰায়ানাৰ মুখ্যমন্ত্ৰী আসনত। কয়লা কেলেংকাৰীত অভিযুক্ত উদ্যোগপতি নৱীন জিন্দালক দলত চামিল কৰাৰ বাবে বিজেপিক ধন্যবাদ দিলে কংগ্ৰেছে।

উল্লেখযোগ্য যে,২০১৬-১৭ চনত জিন্দালৰ বিৰুদ্ধে উত্থাপিত কয়লা কেলেংকাৰীৰ গোচৰটোৰ বিৰুদ্ধে তদন্ত কৰিছিল CBI য়ে। বিজেপিত যোগদান কৰাৰ পাছতেই নৱীন জিন্দালৰ বিৰুদ্ধে থকা বিত্তীয় অনিয়মৰ গোচৰক লৈ সৰৱ কংগ্ৰেছ।
জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিঃ ৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় অনিয়মৰ গোচৰৰ তদন্ত কৰিছিল এনফৰ্চমেন্ট ডাইৰেক্টৰেটে। জিন্দালৰ দৰে দুৰ্নীতিগ্ৰস্থ কংগ্ৰেছীক দলত স্থান দি কংগ্ৰেছক দুৰ্নীতিমুক্ত কৰাৰ বাবে বিজেপিক ধন্যবাদ দিলে জয়ৰাম ৰমেশে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰ সংসদীয় সমষ্টিৰ পৰা দুবাৰকৈ কংগ্ৰেছী সাংসদ আছিল নৱীন জিন্দাল। জিন্দালৰ দৰে পুঁজিপতিক দলত চামিল কৰি কংগ্ৰেছক আৰ্থিকভাৱে দুৰ্বল কৰাৰ অভিযোগ উত্থাপিত হৈছে বিজেপিৰ বিৰুদ্ধে।

Leave a reply

Please enter your comment!
Please enter your name here