Home India প্ৰদান কৰিল ২০২৪ চনৰ ‘ভাৰত ৰত্ন’

প্ৰদান কৰিল ২০২৪ চনৰ ‘ভাৰত ৰত্ন’

0
56

৩০ মাৰ্চ: ভাৰত চৰকাৰে প্ৰদান কৰিলে ২০২৪ বৰ্ষৰ ‘ভাৰত ৰত্ন’। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও (পিভি নৰসিংহ ৰাও), বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কাৰ্পুৰী ঠাকুৰ আৰু কৃষি বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰ ভাৱে প্ৰদান কৰে এই বঁটা। ইয়াৰোপৰি বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীয়েও সমান্তৰাল ভাৱে লাভ কৰে ‘ভাৰত ৰত্ন’।

কিন্তু ‘ভাৰত ৰত্ন’ৰ অৰ্থ কি? এই সন্মানৰ বাবে নিৰ্বাচিত হোৱা ব্যক্তিজনক কিমান টকা বা কি বঁটা দিয়া হয়।

ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘ভাৰত ৰত্ন’ ১৯৫৪ চনৰ পৰা প্ৰদান কৰা হয়।কোনো ব্যক্তিৰ বাবে ‘ভাৰত ৰত্ন’ সন্মাম লাভ কৰাটো এক ডাঙৰ কথা। উল্লেখ্য় যে ‘ভাৰত ৰত্ন’ বঁটাত কোনো ধৰণৰ আৰ্থিক সাহাৰ্য দিয়া নহয়। কিন্তু এই সন্মান, নিজেই এক বৃহৎ সন্মান, যিটো যিকোনো ক্ষেত্ৰৰ ব্যক্তিক তেওঁৰ কাম বা সেৱাৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা হয়। জাতি, বৃত্তি, পদ বা লিংগৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ এই বঁটা প্ৰদান কৰা হয়। ‘ভাৰত ৰত্ন’ৰ পৰামৰ্শ ৰাষ্ট্ৰপতিলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰদান কৰা হয়। ‘ভাৰত ৰত্ন’ বঁটাত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত পদক আৰু প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হয়।

No comments

Leave a reply

Please enter your comment!
Please enter your name here