১৯ এপ্ৰিল: সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ গণতন্ত্ৰৰ মহাপৰ্বত ভোট বৰ্জনৰ ঘটনা সংঘটিত হৈছে নাগালেণ্ডত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোট বৰ্জনৰ কৰিলে নাগালেণ্ডৰ দল সংগঠন তথা জনতাই। নাগালেণ্ডৰ ৬ খন জিলাত ভোট বৰ্জন কৰিলে স্থানীয় জনতাই। এই পৰ্যন্ত শূণ্য শতাংশ ভোটদানৰ হাৰ ৰাজ্যখনৰ ৬ জিলাত। পশ্চিম নাগালেণ্ডৰ ৬ জিলাত আছিল মুঠ ৪ লাখ ভোটাৰ। Eastern Naga Peoples Organization, চমুকৈ ENPOয়ে ভোট বৰ্জনৰ আহ্বান কৰিছিল নাগালেণ্ডৰ ৬ জিলাত। পৃথক ৰাজ্য গঠনৰ দাবীৰ প্ৰতি সহাৰি নজনোৱাৰ বাবে ভোট বৰ্জনৰ আহ্বান জনাইছিল সংগঠনটোয়ে। সাতটাকৈ জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া মঞ্চ ENPOৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৬ জিলাত ভোট বৰ্জন জনতাৰ। নাগালেণ্ডৰ ৬ খনকৈ জিলাত বিশেষ প্ৰভাৱ আছে Eastern Naga Peoples Organization, চমুকৈ ENPO ৰ। নাগালেণ্ডৰ ৬ খন জিলাই সামৰি লৈছে ৰাজ্যখনৰ ২০ টাকৈ বিধানসভা সমষ্টি। আজি প্ৰথম পৰ্যায়তে অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ একমাত্ৰ লোক সভা আসনৰ নিৰ্বাচন। বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পৰা সংগঠনটোয়ে অনিদিষ্টকালীন বন্ধৰ আহ্বান জনাইছিল পশ্চিম নাগালেণ্ডত। উল্লেখযোগ্য যে,২০১০ চনৰ পৰাই ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ ৬ খন জিলা সামৰি পৃথক ৰাজ্যৰ দাবী তুলি আহিছে ENPO য়ে।