Thursday, October 3, 2024
HomeUncategorizedৰ'জভেলীত ধন জমা থোৱা লোকে এতিয়া ঘুৰাই পাব ধন

ৰ’জভেলীত ধন জমা থোৱা লোকে এতিয়া ঘুৰাই পাব ধন

৩০ এপ্ৰিল:

ৰ’জভেলীত আপুনিও জমা থৈছিল নেকি ধন ? যদি ৰ’জভেলীত আপুনিও ধন জমা থৈছিল তেন্তে আপোনালৈ আছে ডাঙৰ খবৰ। অসমৰ লাখ লাখ গ্ৰাহকৰ ধন লৈ উধাও হোৱা চিট ফাণ্ড কোম্পানী ৰ’জভেলীৰ গ্ৰাহক সকলে লাভ কৰিব তেওঁলোকৰ জমা ধন! ৰ’জভেলীত ধন জমা থৈ ঠগ খোৱা গ্ৰাহক সকলে অচিৰেই লাভ কৰিব তেওঁলোকৰ প্ৰাপ্য ধন। ৰাইজৰ ধন লৈ উধাও হোৱা ৰ’জভেলীৰ সমাপ্তি নিলাম কৰিব ছেবিয়ে।


ৰ’জভেলীৰ ২২ টা কৈ স্থানত থকা সমাপ্তি নিলাম কৰাৰ বাবে ইতিমধ্যে নিবিদা আহ্বান কৰিছে চিকিউৰিটী এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া চমুকৈ ছেবিয়ে। শ্বেয়াৰ বজাৰ নিয়ন্ত্রক ছেবিয়ে ২০ মে’ত ৰ’জ ভেলীৰ সম্পত্তি নিলাম কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। অৱশ্যে, ৰ’জ ভেলী গোষ্ঠীৰ নামত অসম, বিহাৰ, ত্ৰিপুৰা আৰু ঝাৰখণ্ডতো বহু সম্পত্তি আছে যদিও সেই সমাপ্তি এতিয়াই নহয় নিলাম। কেৱল পশ্চিমবংগত থকা বিভিন্ন অট্টালিকা, ব্যৱসায়িক প্রতিষ্ঠান, ফ্লেট আদি ২২ টা সম্পত্তি নিলামৰ সিদ্ধান্ত লৈছে ছেবিয়ে। ছেবিৰ ফালৰ পৰা নিলাম কৰিবলগীয়া সম্পত্তিৰ ৰিজার্ভ মূল্য হৈছে ৮.৬ কোটি টকা। উল্লেখ্য, EDয়ে ৰ’জ ভেলী গ্ৰুপৰ প্ৰায় ৯০০ কোটি টকা মূল্যৰ সম্পত্তি ইতিমধ্যে বাজেয়াপ্ত কৰিছে। উল্লেখ্য যে, কম সময়ৰ ভিতৰতে দুগুণ লাভৰ ভুৱা সপোন দেখুৱাই ৰ’জ ভেলীয়ে একাংশ এজেণ্টৰ জৰিয়তে অসমৰ পৰাই প্রায় ২,৩০০ কোটি টকা সংগ্ৰহ কৰিছিল। ৰ’জ ভেলীয়ে অসমৰ উপৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ডত, ত্ৰিপুৰাৰ গ্ৰাহকৰ পৰা প্রায় ৫ হাজাৰো অধিক টকা সংগ্ৰহ কৰিছিল। ২০১৩ চনত ভুৱা চিটফান্ড কোম্পানীটোৰ অভিসন্ধি পোহৰলৈ আহিছিল। বিগত ১০ বছৰে জমা থোৱা ধন ঘূৰাই পোৱাৰ আশা বাদ দিছিল বহু লোকে। অৱশ্যে পলমকৈ হ’লেও ৰ’জ ভেলীত ধন বিনিয়োগ কৰা গ্ৰাহকসকলৰ মুখলৈ আশা কঢ়িয়াই আনিছে কলকাতা উচ্চ ন্যায়ালয়ে। কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰিজিৎ বেনাৰ্জীৰ খণ্ড বিচাৰপীঠে গ্রাহকক ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই ৰ’জ ভেলী ‘এছেট ডিছপ’জেল কমিটী’য়ে ধন বিনিয়োগকাৰীক আবেদনৰ বাবে ৱেবচাইট মুকলি কৰিছে। www.rosevallyadc.com ৱেবচাইটত ইনভেষ্টাৰ্ছ আৰু আপলোড চার্টিফিকেট অপশ্বনত গ্রাহকসকলে জমা কৰা ধনৰ পৰিমাণ উল্লেখ কৰি পলিচীৰ প্ৰতিলিপি আপলোড কৰি আবেদন কৰিব লাগিব। পৰৱৰ্তীসময়ত কমিটীখনে ৰ’জ ভেলীৰ জব্দকৃত সম্পত্তি নিলাম কৰি বিনিয়োগকাৰীক ধন ঘূৰাই দিব বুলি সদৰী কৰিছে। অৱশ্যে খবৰ অনুসৰি প্ৰথমে ৫০০০টকাৰ ভিতৰত ধন বিনিয়োগ কৰা সকলক অগ্রাধিকাৰ দিয়া হ’ব। পৰৱৰ্তী পৰ্যায়ত বাকীসকলক ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments