Friday, December 6, 2024
HomeIndiaকেইবাখনো ইছলামিক ৰাষ্ট্ৰৰ পৰা পুঁজি সোমাই আম আদমী পাৰ্টীৰ একাউন্টত!

কেইবাখনো ইছলামিক ৰাষ্ট্ৰৰ পৰা পুঁজি সোমাই আম আদমী পাৰ্টীৰ একাউন্টত!

কেইবাখনো ইছলামিক ৰাষ্ট্ৰৰ পৰা পুঁজি সোমাই আম আদমী পাৰ্টীৰ একাউন্টত। আম আদমী পাৰ্টীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে। আমেৰিকা,কানাডা, অষ্ট্ৰেলিয়া,নিউজিলেণ্ড,ছৌদি আৰৱ,কুৱেট,ওমান আৰু UAE ৰ পৰা পুঁজি আহে আপলৈ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ওচৰত আপৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰিছে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে।

বিদেশৰ পৰা ভাৰতলৈ পুঁজি ট্ৰান্সফাৰ কৰিবলৈ বিভিন্ন দাতাৰ পাছপৰ্ট নম্বৰ,কেডিট কাৰ্ড,ইমেল আইডি আৰু মোবাইল নাম্বাৰ ব্যৱহাৰ কৰে আপে। আপৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি এনফৰ্চমেন্ট ডাইৰেক্টৰেটৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰতীয় আইন উলংঘা কৰি আম আদমী পাৰ্টীয়ে বিদেশৰ পৰা সংগ্ৰহ কৰিছিল টকা। ২০১৪ চনৰ পৰা ২০২২ চনলৈ বিদেশৰ পৰা ৭ কোটি ৮ লাখ টকাৰ পুঁজি লাভ কৰিছে আম আদমী পাৰ্টীয়ে। কেৱল সেয়াই নহয় ধন সংগ্ৰহ কৰাৰ নামত বিদেশী পুঁজি যোগান ধৰা ব্যক্তি তথা নাগৰিকৰ পৰিচয় লুকুৱাৰ অভিযোগ উত্থাপিত হৈছে আপৰ বিৰুদ্ধে।

আপৰ একাংশ নেতা আৰু একাংশ বেংক বিষয়াৰ মাজত হোৱা E-mail ৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছে ED য়ে। উল্লেখিত বিদেশী ৰাষ্ট্ৰত পুঁজি সংগ্ৰহ কৰিবলৈ এটা সংস্থা গঠন কৰি স্বেচ্ছাসেৱী সদস্য নিয়োজিত কৰিছিল আপে। এনে কেইবাটাও অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ওচৰত এই প্ৰতিবেদন দাখিল কৰিছে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে।

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments