Thursday, October 3, 2024
HomeAssamদক্ষিণ আমেৰিকাৰ আমাজনৰ পৰা উৰি আহি গুৱাহাটী পালেহি বিৰল প্ৰজাতিৰ ভাটৌ

দক্ষিণ আমেৰিকাৰ আমাজনৰ পৰা উৰি আহি গুৱাহাটী পালেহি বিৰল প্ৰজাতিৰ ভাটৌ

পুৱাই এটা অচিনাকী পক্ষীকলৈ হুৱাদুৱা লাগিল মহানগৰীৰ হাতিগাঁৱত। হাতীগাঁৱৰ একাংশ লোকে বিৰল প্ৰজাতিৰ আচহুৱা চৰাইটো দেখি মাৰিবলৈ উদ্যত হৈছিল।
সেই দৃশ্য দেখি জ্যেষ্ঠ সাংবাদিক আলিয়াচ আহমেদে তৎপৰতাৰে উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ চৰাইটো। প্ৰকৃতেই এইটো এটা বিৰল প্ৰজাতিৰ ভাটৌ।

মৰমলগা এই বিৰল প্ৰজাতিৰ ভাটৌটো উদ্ধাৰ কৰি বন বিভাগক সমজাই দিলে সাংবাদিকগৰাকীয়ে। বন বিভাগে এই ভাটৌ চৰাইটি দক্ষিণ আমেৰিকাৰ আমাজন অৰণ্যৰ বুলি চিনাক্ত কৰে। সম্প্ৰতি ভাটৌ চৰাইটি ৰাজ্যিক চিৰিয়াখানাত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

মানুহৰ অত্যাচাৰত পৃথিৱীৰ বুকুৰ পৰা এনে বহু আপুৰুগীয়া বন্য-প্ৰাণী, চৰাই-চিৰিকটি বিলুপ্তি হ’বলৈ ধৰিছে।

আলিয়াচ আহমেদে লোৱা পদক্ষেপক ধন্যবাদ জনাইছে বিভিন্নজনে।

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments