ড্ৰাইভিং লাইচেঞ্চৰ বাবে এতিয়া আৰু আপুনি চিন্তা কৰিব নালাগে। ১ জুনৰ পৰা চৰকাৰে প্ৰযোজ্য কৰিব নতুন নিয়ম। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ভাৰতত ড্ৰাইভিং লাইচেঞ্চৰ বাবে নতুন নিয়ম ঘোষণা কৰিছে।
১ জুনৰ পৰা মানুহে চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়ৰ সলনি ব্যক্তিগত ড্ৰাইভিং বিদ্যালয়ৰত তেওঁলোকৰ ড্ৰাইভিং পৰীক্ষা দিব লাগিব।
নতুন নিয়ম অনুসৰি যদি কোনোবা নাবালকে গাড়ী চলাই ধৰা পৰে তেন্তে অভিভাৱকে ২৫,০০০টকাৰ জৰিমনা ভৰিব লাগিব। আৰু লগতে ২৫ বছৰ বয়সলৈকে অনুজ্ঞাপত্ৰ নাপাব। লগতে নতুন নিয়ম অনুসৰি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত কমেও ১ একৰ মাটি থাকিব লাগিব। প্ৰশিক্ষণসকলৰ বায়োমেট্ৰিক
আৰু আইটি প্ৰণালীৰ জ্ঞান থকাৰ লগতে কমেও পাঁচ বছৰৰ ড্ৰাইভিং অভিজ্ঞতাৰ ডিপ্লোমা থাকিব লাগিব।