একে সময়তে স্তব্ধ হৈ পৰিল ডিজিটেল বিশ্ব। কৰ্মৰত অৱস্থাত হঠাৎ নীলা হৈ পৰিল বিশ্বজুৰি কম্পিউটাৰৰ স্ক্ৰীণ ।
Microsoft Windows ব্যৱস্থাত আকস্মিক বিসংগতি হৈ পৰিল। স্তব্ধ হৈ পৰিল লেপটপ, কম্পিউটাৰসহ Microsoft ৰ বহু এপ ।সমগ্ৰ বিশ্বজুৰি ব্যাহত ৰে’ল সেৱা, বিমান সেৱা, বেংক সেৱা। বিমান বন্দৰ, ৰে’ল ষ্টেচন সকলোতে কৰ্তৃপক্ষৰ লগতে যাত্ৰীৰ হাহাকাৰ পৰিস্থিতি। ব্যাহত হৈ পৰিছে ষ্টক মাৰ্কেট, শ্বেয়াৰ মাৰ্কেট।
ভাৰততো স্থবিৰ হৈ পৰিছে বিমান সেৱা,বিমান যাত্ৰী সকললৈ বিমান বন্দৰ সমূহৰ পৰা বিশেষ জাননী জাৰি কৰা হৈছে।
অনতিপলমে সমাধান হ’ব বুলি আশ্বাস প্ৰদান বিভাগীয় কৰ্তৃপক্ষৰ । উল্লেখযোগ্য যে হায়দৰাবাদ বিমান বন্দৰত বাতিল কৰা হৈছে ২৩ খনকৈ বিমান।
গুৱাহাটিৰ বৰঝাৰ বিমান বন্দৰৰ পৰাও বিশেষ জাননী জাৰি কৰা হৈছে । ভাৰতীয় বিমান বন্দৰসমূহে Microsoftৰ Cloud Computing platform ব্যৱহাৰৰ কৰাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে। টিকট বুকিং, চেক-ইন, লাগেজ চাৰ্ভিচ সকলোতে সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে।
ইতিমধ্যে ভাৰতৰ চৰকাৰেও এই সন্দৰ্ভত বাৰ্তালাপ কৰিছে Microsofৰ সৈতে। সৰ্বাধিক প্ৰভাৱ পৰিছে আমেৰিকা,ব্ৰিটেইন,অষ্ট্ৰেলিয়া, জাৰ্মানীত। কেইবাখনো দেশত বিকল এতিয়া অনলাইন সেৱা।
Microsoftক এই বিসংগতি ঠিক কৰিবলৈ ৫ৰ পৰা ১০ ঘণ্টা সময়ৰ প্ৰয়োজন ব’ব বুলি জনাইছে।