ব'লবম যাত্ৰীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে CRPFৰ জোৱানক

এইবাৰ ব'লবম যাত্ৰীৰ গুণ্ডাগিৰি! ব'লবম যাত্ৰীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে CRPFৰ জোৱানক।  উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ ৰে'লৱে ষ্টেচনত সংঘটিত হৈছে এই ঘটনা। মিৰ্জাপুৰৰ‌ পৰা মণিপুৰলৈ যাত্ৰা কৰিবলৈ ৰে'লৱে ষ্টেচনত উপস্থিত হৈছিল CRPFৰ জোৱান গৰাকী। ৰে'লৰ‌ বাবে অপেক্ষা কৰি থকা সময়তে একাংশ ব'লবম যাত্ৰীৰ সৈতে তৰ্কত লিপ্ত হয় CRPFৰ জোৱান গৰাকী। 
তাৰ পাছতে CRPFৰ জোৱান গৰাকীক একাংশ ব'লবম যাত্ৰীয়ে প্ৰহাৰ কৰে।  সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত । ইয়াৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *