লখিমপুৰ,ধুবুৰী আৰু গোৱালপাৰাৰ পাছত শোণিতপুৰ চলিব হিমন্ত চৰকাৰৰ বুলড'জাৰ

কোনো সন্দেহযুক্ত লোকৰ ঘৰত নহয়,এইবাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ঘৰত চলিব হিমন্ত চৰকাৰৰ বুলড'জাৰ। হিমন্ত চৰকাৰৰ পৰা উচ্ছেদৰ জাননী লাভ কৰি হাহাকাৰ কৰিব লগা হৈছে জনজাতীয় পৰিয়ালে। লখিমপুৰ,ধুবুৰী আৰু গোৱালপাৰাৰ পাছত শোণিতপুৰ চলিব হিমন্ত চৰকাৰৰ বুলড'জাৰ। শোণিতপুৰ জিলাৰ অন্তৰ্গত চাৰিদুৱাৰৰ খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰিবলৈ সাজু হৈছে ৰাজ্যৰ বন বিভাগ। ৰাজ্যৰ বন বিভাগে চাৰিদুৱাৰৰ ৪০ টাকৈ বড়ো জনজাতীয় পৰিয়াললৈ প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী। চাৰিদুৱাৰৰ খিলঞ্জীয়া ৪০ টাকৈ বড়ো পৰিয়ালক নিজৰ ঘৰ-মাটি এৰি যাবলৈ বন বিভাগে জাৰি কৰিছে জাননী। 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে নিখিল বড়ো ছাত্র সন্থা। উচ্ছেদৰ নামত খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত হাৰাশাস্তি সহ্য নকৰে বড়ো ছাত্ৰ সংগঠনটোৱে। শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বিপেন বড়ো। খিলঞ্জীয়াৰ সুৰক্ষাৰ শপত লৈ ৰাজপাট দখল কৰাৰ বিজেপিৰ দিনতেই ভূমিপুত্ৰ সুৰক্ষিত নহয় বুলি নেকি বুলি চৰকাৰলৈ প্ৰশ্ন ছাত্র সংগঠনটোৰ। বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হোৱাৰ অভিযোগ তুলি ষড়যন্ত্ৰকাৰীক সকিয়নি দিল দ্বিপেন বড়োৱে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *