মহিলা ASIক হত্যা লিভ ইন সঙ্গী চিআৰপিএফ জোৱানৰ!

মহিলা  ASIক শ্বাসৰোধ কৰি হত্যা কৰাৰ অভিযোগ লিভ ইন সংগী চিআৰপিএফৰ জোৱানৰ বিৰুদ্ধে। ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ বৰোদৰাত। প্ৰেমিকাক হত্যা কৰিয়েই নিজেও হাত কটি, ফেনাইল খাই আত্মহত্যাৰ চেষ্টা কৰে। কিন্তু সেই চেষ্টা বিফল হোৱাৰ পাছতে থানালৈ গৈ আত্মসমৰ্পণ কৰে চিআৰপিএফ জোৱান দিলীপ যাদবে। দিলীপে আত্মসমৰ্পণ কৰিবলৈ যোৱা থানাখনতেই  কৰ্মৰত আছিল  দিলীপৰ লিভ ইন সংগী । সেই থানাৰে  Assistant Sub-Inspectorৰ পদত কৰ্মৰত আছিল প্ৰেমিকাগৰাকী ।
অভিযুক্ত অৰ্ধসেনাৰ জোৱান দিলীপ যাদৱ মণিপুৰত কৰ্মৰত আছিল। কিছুদিনৰ পূৰ্ৱে চুটিত আহিছিল বডোদৰালৈ। দিলীপ আৰু তেওঁৰ লিভ ইন লগীয়া অৰুণা বডোদৰাৰ এটা  এফ্লেটত আছিল। দুজনেই কামৰ পৰা কেইদিনমানৰ বাবে অৱসৰ বিনোদনৰ বাবে। শুকুৰবাৰে অহমদাবাদত বজাৰলৈ গৈছিল দুয়ো। বজাৰৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত কোনো এটা বিষয়ত দুয়োৰে মাজত কাজিয়া হয়। অভিযোগ অনুসৰি, তাৰ পাছতেই দিলীপে অৰুণাৰ ডিঙিত চেপি ধৰে। অৰুণাৰ মৃত্যু হোৱা বুলি জানিব পাৰি দিলীপেও আত্মহত্যাৰ চেষ্টা কৰে। কিন্তু সেই চেষ্টা বিফল হয়।
শনিবাৰে পুৱা থানাত দিলীপে থানাত গৈ সাজিৰ হয়গৈ। সেই থানাতেই কৰ্মৰত আছিল অৰুণা। চুবুৰীয়াই জনাই যে, শুক্ৰবাৰে ৰাতি দুয়োৰে মাজত প্ৰচণ্ড বিবাদ হৈছিল। শনিবাৰৰ পুৱা ১০ বজালৈকে অৰুণাৰ মৃতদেহ লৈ ঘৰতে বহি আছিল দিলীপ। তাৰ পিছত থানাত গৈ আত্মসমৰ্পণ কৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *