মেঘালয় মধুচন্দ্রিমা হত্যাকাণ্ডত এইবাৰ সোনম ৰঘুবংশীৰ ককায়েকৰ বিৰুদ্ধে আঙুলি তুলিছে ৰাজা ৰঘুবংশী পৰিয়ালে। তেওঁলোকৰ অভিযোগ, ৰাজাৰ হত্যাৰ সহানুভূতি দেখুওৱাৰ নাটক কৰিছিল সোনমৰ ককায়েক গোবিন্দই। কেৱল সেয়াই নহয়, সোনমৰ গোটেই পৰিয়ালৰ বিৰুদ্ধে অভিযোগ তুলিছে ৰাজা পৰিয়ালে।
ঘটনাক্ৰমে, ৰাজাৰ হত্যা হোৱাৰ পাছত তেওঁৰ ঘৰলৈ গৈ সোনমৰ ককায়েক গোবিন্দই সোনমৰ মাকৰ সৈতে দেখা কৰি কান্দি উঠিছিল আৰু আশ্বাস দিছিল যে, ৰাজাই যাতে ন্যায় বিচাৰ পায়, তাৰ বাবে তেওঁলোকৰ পৰিয়াलক সকলো প্ৰকাৰৰ সহযোগিতা কৰিব। সোনমে যাতে কঠোৰতকৈ কঠোৰতম শাস্তি পায়, সেই ব্যৱস্থা বিচাৰিব।
পিছে সোনমৰ দাদা গোবিন্দৰ বিৰুদ্ধে এইবাৰ অভিযোগৰ আঙুল তুলিছে ৰাজা পৰিয়ালে। ৰাজাৰ ভাতৃ বিপিনে দাবী কৰিছে যে , সহানুভূতিৰ নামত সোনমৰ ভাতৃয়ে নাটক কৰি আছে। তেওঁলোকৰ কাষত থকাৰ কথা দিছিল যদিও গোপনে সোনমৰ সৈতে জেলত যোগাযোগ ৰাখিছে। আৰু সেয়েহে সোনমৰ ভাতৃ গোবিন্দৰ ভূমিকাক সন্দেহ প্ৰকাশ কৰিছে ৰাজাৰ পৰিয়ালে। তেওঁলোকৰ দাবী, গ্ৰেফ্টাৰৰ পাছত সোনমৰ সৈতে চাৰিবাৰ কথা হৈছে সোনমৰ ভাতৃয়ে। সেয়ে গোবিন্দৰ ভূমিকাক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে ৰাজাৰ ভাতৃয়ে।
এই হত্যাকাণ্ডৰ চি.বি.আই. তদন্তৰ দাবী উত্থাপন কৰিছে ৰাজাৰ ভাতৃ বিপিনে। তেখেতৰ অভিযোগ, সোনমৰ পৰিয়ালে দাবী কৰিছিল যে, সোনমৰ লগত কোনো যোগাযোগ নাই। কিন্তু সেয়া সম্পূৰ্ণ মিছা। সোনমৰ লগত এতিয়ালৈকে পৰিয়ালৰ সদস্যসকলৰ চাৰি বাৰ কথা হৈছে। বিপিনৰ অভিযোগ, "মোৰ দৃঢ় বিশ্বাস ,তেওঁলোকে সোনমৰ জামিনৰ বাবে উঠি-পৰি লাগিছে।' প্ৰথমতে সোনমে ৰাজাৰ লগত বিশ্বাসঘাতকতা কৰিছে। এতিয়া সোনমৰ দাদাই আমাৰ লগত বিশ্বাসঘাতকতা কৰি আছে।"
১১ মে'ত ৰাজা আৰু সোনমৰ বিয়া হৈছিল। তাৰ পিছতে তেওঁলোকে ১৯ মে'ত মেঘালয়ত মধুচন্দ্রিমালৈ আছিল। ২৩ মে'ত ৰজা আৰু সোনম নিখোঁজ হৈছিল । ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল। ৰাজা হত্যাৰ অভিযোগত ৯ জুনত সোনম, তেওঁৰ প্ৰেমিক আৰু তিনিজন ভাড়াটিয়া হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।