পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। পুত্ৰই চোকা অস্ত্ৰৰে ডিঙি কাটি হ*ত্যা কৰিলে নিজৰ বৃদ্ধ পিতৃক। পিতৃ লাবন্য ৰামচিয়াৰীক নৃশংসভাৱে হ*ত্যা কৰিলে পুত্ৰ পনীৰাম ৰামচিয়াৰীয়ে। বাক্সাৰ আমবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হ*ত্যাকাণ্ড ।
ইতিমধ্যে হ*ত্যাকাৰী পুত্ৰ পনীৰাম ৰামচিয়াৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, পৰিয়াল কেন্দ্ৰিক কন্দলৰ বাবে এই হ*ত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । দীৰ্ঘদিনৰে পৰা পুত্ৰ পনীৰাম ৰামচিয়াৰীয়ে সুৰাপান কৰি পিতৃক মানসিক হাৰাশাস্তি চলাই থকাৰো অভিযোগ । হ*ত্যাকাৰী পুত্ৰক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী কৰিছে স্থানীয় ৰাইজে।