'মুখ্যমন্ত্ৰী' গাদী যাব পাৰে নীতিশৰ! বিহাৰ দখলৰ যুজঁত নামিব অমিত শ্বাহ

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাপত পৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ভয় আৰু শংকাৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন কৰিব লগা হৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। অষ্টম বাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰে শপতগ্ৰহণ কৰিব পাৰিবনে নাই তাক লৈ সৃষ্টি হৈছে সংশয়। দুটা দশক ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰি নীতিশ কুমাৰৰ চিন্তা বঢ়াইছে অমিত শ্বাহে। ২০ বছৰৰ পাছত বিহাৰৰ মুখ্যমন্ত্ৰী আসন বিজেপিক এৰি দিব লাগিব পাৰে নীতিশ কুমাৰে। কাৰণ ২৫ ত বিহাৰৰ দখল কৰিবলৈ বিধানসভাৰ ভোটযুদ্ধত নামিব অমিত শ্বাহ। 
বিহাৰৰ বিধানসভা নিৰ্বাচনৰ দায়িত্বভাৰ নিজৰ কান্ধত ল'ব বিজেপিৰ চাণক্য অমিত শ্বাহে। সম্ভৱতঃ আগষ্ট মাহৰ পৰাই বিহাৰত থাকি বিজেপিক শক্তিশালী কৰাৰ সম্ভাৱনা আছে অমিত শ্বাহে।  বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত বিজেপিৰ সংগঠনক ৬ টা জ'নত বিভক্ত কৰি সমুখৰ পৰা নেতৃত্ব দিব অমিত শ্বাহে। 
বিহাৰৰ প্ৰতিটো জ'নত দুদিন ধৰি থাকি বিজেপিৰ সাংগঠনিক দিশৰ ক্ষতিয়ান ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিহাৰৰত বিজেপিক শক্তিশালী অমিত শ্বাহে চলোৱা প্ৰস্তুতিক লৈ ভিতৰি উদ্বিগ্ন হৈ পৰিছে NDA ৰ মিত্ৰদল JD(U)। 
উল্লেখযোগ্য যে,মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনতো বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিছিল অমিত শ্বাহে। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনী ফলাফল প্ৰকাশ পোৱাৰ পাছতেই বিজেপিক মুখ্যমন্ত্ৰী চকী এৰি দিবলৈ বাধ্য হৈছিল একনাথ সিন্দেই। মহাৰাষ্ট্ৰৰ সেই ৰাজনৈতিক ড্ৰামা ২৫ ত পুনৰাবৃত্তি হোৱাৰ ভয়ে খেদিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহতেই অনুষ্ঠিত হ'ব বিহাৰৰ বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ নেতৃত্বাধীন NDA মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত অৱতীৰ্ণ হ'ব যদিও ফলাফলে নিৰ্ণয় কৰিব মুখ্যমন্ত্ৰীৰ আসন। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *