পশ্চিম বংগত বিজেপিৰ হিন্দুত্ববাদক প্ৰত্যাহ্বান জনাবলৈ মুখ্যমন্ত্ৰী মমতাই প্ৰয়োগ কৰিব পাৰে ব্ৰহ্মাস্ত্ৰ। ২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগৰ নাম সলনিৰ বাবে গোপনে পৰিকল্পনা যুগুত কৰিছে মমতাই। ২৬ ত পশ্চিম বংগত ক্ষমতা অক্ষুন্ন ৰাখিবলৈ অগ্নিকন্যা মমতাই বাঙালীৰ জাতীয়তাবাদক হাথিয়াৰ হিচাপে প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে। ২৬ ত বিজেপিৰ হিন্দুত্ববাদক প্ৰতিৰোধ কৰিবলৈ হ'লে তৃণমূল কংগ্ৰেছক প্ৰয়োজন হ'ব বাঙালীৰ জাতীয়তাবাদৰ। সেয়েহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগৰ নাম সলনি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী মমতাই।
চৰ্চা অনুসৰি,পশ্চিম বংগৰ নতুন নাম হ'ব পাৰে 'বাংলা' । ২০১১ চনৰ পৰাই পশ্চিম বংগৰ নাম সলনিৰ বাবে কেন্দ্ৰত থকা চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰি আহিছে মুখ্যমন্ত্ৰী মমতাই। ২০১৮ চনতো পশ্চিম বংগক 'বাংলা' নামেৰে নতুনকৈ নামাকৰণ কৰাৰ বাবে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিছিল মমতাৰ চৰকাৰে।
পশ্চিম বংগৰ নাম 'বাংলা' নামেৰে নতুনকৈ নামাকৰণ কৰাৰ বাবে ২০১৮ চনত মোদী চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰী মমতাই। যদি উৰিষ্যা আৰু বম্বেৰ নাম সলনি কৰি ওড়িশা আৰু মুম্বাই কৰিব পৰা যায় তেন্তে পশ্চিম বংগৰ নাম কিয় সলনি কৰিব নোৱাৰে বুলি পত্ৰত দাবী কৰিছিল মমতাই।
অৱশ্যে এতিয়াও পশ্চিম বংগৰ নাম সলনিৰ বাবে মমতাই কেন্দ্ৰলৈ প্ৰেৰণ কৰা পত্ৰৰ সন্দৰ্ভত কোনো সুদুত্তৰ অহা নাই। চৰ্চা অনুসৰি, ২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ পশ্চিম বংগৰ নাম সলনিৰ দাবী সজোৰে উত্থাপিত কৰিব পাৰে তৃণমূল কংগ্ৰেছে। পশ্চিম বংগৰ নাম 'বাংলা' হিচাপে নামাকৰণ কৰি বাঙালী জাতীয়তাবাদক শক্তিশালী কৰাৰ ৰণকৌশল মুখ্যমন্ত্ৰী মমতাৰ।