ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ অভিযানৰ মাজতেই পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। অসমৰ ধুবুৰী,গোৱালপাৰা,গোলাঘাট আৰু কাৰ্বি ভূমিত সন্ধান পোৱা গৈছে দুৰ্লভ খনিজ সম্পদৰ। জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, অসমত সন্ধান পোৱা গৈছে 'ৰেয়াৰ আৰ্থ এলিমেন্টছ,ৰেয়াৰ আৰ্থ মেগনেট,সোণৰ আকৰ। যাৰবাবে এতিয়া দেশৰ বহু পুঁজিপতিৰ শেণচকু পৰিছে নেকি অসম তথা উত্তৰ পূবৰ মাটিত ?
খনিজ সম্পদৰ সন্ধান লাভ কৰা উত্তৰ পূৰ্বৰ ৩৮ টা স্থানৰ ভিতৰত সৰ্বাধিক স্থান আছে অসমত। উত্তৰ পূৰ্বৰ ভিতৰতে অসমৰ কাৰ্বি আংলং জিলাত মুঠ ২৮ নিযুত টন 'ৰেয়াৰ আৰ্থ ৰিচ্চ ছানৰাইটৰ' ভাণ্ডাৰ পোৱা বুলি বাতৰি প্ৰকাশ পাইছে।
আনহাতে,ধুবুৰী, গোৱালপাৰা,কোকৰাঝাৰ, গোলাঘাটো বৃহৎ পৰিমাণৰ খনিজ দ্ৰব্যৰ ভাণ্ডাৰ আছে বুলি নিশ্চিত কৰিছে জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ প্ৰতিবেদনে। উল্লেখযোগ্য যে,ৰেয়াৰ আৰ্থ এলিমেন্টছক লৈ বিশ্বৰ দুই মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা আৰু চীনৰ মাজত অব্যাহত আছে শীতল যুজঁ। বিপৰীতে অসমৰ মাটিতে তেনে এক দুৰ্লভ 'ৰেয়াৰ আৰ্থ এলিমেন্টছ'ৰ সন্ধান লাভ কৰিছে জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই। নিশ্চিত ৰূপত এইয়া অসমবাসীৰ বাবে গৌৰৱৰ খবৰ যদিও অসমৰ এই মূল্যৱান খনিজ সম্পদৰ ৰিমৰ্ট ক'ট্ৰল আচলতে কাৰ হাতত ?কাৰণে বিগত কেইবছৰৰ মানৰ পৰা অসমৰ ভূমিত শেনচকু পৰিছে গুজৰাটী পুঁজিপতিৰ। যাৰবাবে ভিন্ন সময়ত গুজৰাটী বণিয়াৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আহিছে প্ৰতিবাদ।
উল্লেখযোগ্য যে,অসমৰ মাটিৰ তলত পোৱা এইসমূহ খনিজ সম্পদে নতুন গতি দিব পাৰে সমগ্ৰ ভাৰতবৰ্ষক। অসমত উপস্থিতি ধৰা পৰা দুৰ্লভ 'ৰেয়াৰ আৰ্থ এলিমেন্টছ' বৈদ্যুতিক বাহন নিৰ্মাণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।
