পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ তথা ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ চীনৰ কোম্পানীয়ে বিনিয়োগ কৰিব উত্তৰ প্ৰদেশত। চীনৰ ৩৭১ টা কোম্পানীয়ে উদ্যোগ তথা প্ৰতিষ্ঠান নিৰ্মাণ কৰিব বিচাৰিছে উত্তৰ প্ৰদেশত। Make In India ৰ শ্লগান দিয়া ভাৰতলৈ বেপাৰৰ বাবে আহিব বিচালিছে চীনৰ কোম্পানী।আমেৰিকাৰ ড'নাল্ড ট্ৰাম্পৰ চৰকাৰে ২৫ শতাংশ শুল্ক বৃদ্ধি কৰাৰ ফলত ভাৰতত বেপাৰ কৰিব বিচাৰিছে চীনে। আমেৰিকাৰ তুলনাত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত চীনৰ বিৰুদ্ধে ভাৰতে আৰোপ কৰি আহিছে ১২ শতাংশ শুল্ক। উত্তৰ প্ৰদেশত বৈদ্যুতিক,ছেমিকণ্ডাক্টৰ,চিকিৎসা,কৃষি আৰু বস্ত্ৰ ক্ষেত্ৰখনত বিনিয়োগ কৰিব বিচাৰিছে চীনৰ ৩৭১ টা কোম্পানীয়ে।
চীনৰ কোম্পানীক বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে নিয়োগ কৰিছে ২০ গৰাকীকৈ বিষয়া। প্ৰতিগৰাকী বিষয়াক চীনৰ পৰা আহিব লগা ১৫ ৰ পৰা ২০ টা কোম্পানীৰ দায়িত্ব অৰ্পণ কৰিছে যোগী চৰকাৰে। ২০২৯ চনত উত্তৰ প্ৰদেশক এক ত্ৰিলিয়ন অৰ্থনীতিৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ। চলিত বৰ্ষৰ নৱেম্বৰ মাহত ৫ লাখ কোটি টকাৰ এক প্ৰকল্পৰ বাবে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশললৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ ৰোড শ্ব' কৰা হ'ব চীন,ছিংগাপুৰ,দক্ষিণ কোৰিয়া,কানাডা,UAE ত।
