জগদ্বীপ ধনখড়ৰৰ পদত্যাগৰ পাছতেই দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি কোন হ'ব তাক লৈ চলিছে জল্পনা-কল্পনা। সন্মুখত বংগ আৰু বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি NDA ৰ মিত্ৰজোঁটে প্ৰক্ষেপ কৰিব নেকি এগৰাকী মুছলমানক। দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি হিচাপে নাম চৰ্চিত হৈছে বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ। পশ্চিম বংগ আৰু বিহাৰৰ মুছলমান ভোট বেংকৰ প্ৰতি লক্ষ্য ৰাখি উপ ৰাষ্ট্ৰপতি পদৰ বাবে আৰিফ মহম্মদ খানৰ নাম বিবেচনা কৰিব পাৰে NDA ৰ মিত্ৰজোঁটে।
উল্লেখযোগ্য যে,বিহাৰত মুছলমান জনসংখ্যা ১৭.৭০ শতাংশ হোৱাৰ বিপৰীতে বংগত মুছলমানৰ জনসংখ্যা হৈছে ৪০ শতাংশ। বৰ্তমান বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খানক উপ ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰি বিৰোধী শিবিৰক শলঠেকত পেলাব পাৰে বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ আৰিফ মহম্মদ খানক উপ ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিলে বিৰোধিতা কৰাৰ সম্ভাৱনা নাই বিৰোধীয়ে। বংগ আৰু বিহাৰ দখল কৰিবলৈ মুছলমানৰ ভোট প্ৰয়োজন হ'ব বিজেপিক। আৰিফ মহম্মদ খানৰ দৰে ধৰ্মনিৰপেক্ষ মুছলমান নেতাক উপ ৰাষ্ট্ৰপতি পদত অধিস্থিত কৰি দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত ছবি শুদ্ধৰোৱাৰ প্ৰয়াস কৰিব পাৰে বিজেপিয়ে।
ইতিমধ্যে বিহাৰৰ ৰাজ্যপাল হোৱাৰ ওপৰিও আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰিফ মহম্মদ খানে। ২০১৭ চনত বিহাৰৰ ৰাজ্যপাল ৰামনাথ কোবিন্দক ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰি বিৰোধী শিবিৰৰ মাজত বিভাজন আনিবলৈ সক্ষম হৈছিল বিজেপি। মহম্মদ আৰিফ খানক উপ ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বিৰোধিতা কৰাৰ সম্ভাৱনা নাই। উল্লেখযোগ্য যে,আৰিফ মহম্মদ খান এগৰাকী মুছলমান হৈও সমৰ্থন কৰিছিল তিনি তালাক আৰু ৱাকফ সংশোধনী আইনক।
