জীৱনৰ নিৰাপত্তাহীনতাত ভোগ কৰা লোক সকলে বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰিব পাৰিব খিলঞ্জীয়া লোকে। বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰি খিলঞ্জীয়া লোকে আবেদন কৰাত কোনো বাধা নাই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।
সেৱা সেঁতু পৰ্টেলত বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰিব পাৰিব বুলি জনালে মুখ্যমন্ত্ৰীয়ে। বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰা লোক সকলৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব পাৰিব জিলা আয়ুক্তই। আগষ্ট মাহৰ পৰা খিলঞ্জীয়া মানুহে বন্দুকৰ লাইচেঞ্চ পাব পৰা পৰ্টেল মুকলি কৰাৰ সম্ভাৱনা আছে ৰাজ্য চৰকাৰে। আগষ্ট মাহৰ ১ ৰ পৰা ৭ তাৰিখৰ ভিতৰত বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিবলৈ পৰ্টেল মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে।
বুধবাৰে সংবাদমেলত সাংবাদিকৰ প্ৰশ্নোত্তৰত এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। স্পৰ্শকাতৰ অঞ্চলত আত্মৰক্ষাৰ বাবে ভূমিপুত্ৰ আৰু খিলঞ্জীয়াৰ হাতত বন্দুকৰ অনুজ্ঞাপত্ৰ দিব চৰকাৰে। অৱশ্যে অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্রযোজ্য নহ'ব। মৌলবাদীৰ ওচৰত বন্দুক আছেই,খিলঞ্জীয়াৰ হাতত বন্দুকৰ দিবলৈ চৰকাৰলৈ মুকলি আহ্বান জনাই আহিছে দল সংগঠনে।