ছাত্ৰ নেতাৰ ১ লাখ টকাৰ ধনদাবীক লৈ প্ৰতিক্ৰিয়া ভেৰগাঁৱত

ছাত্ৰ নেতাৰ ধনদাবীক লৈ প্ৰতিক্ৰিয়া ভেৰগাঁৱত । ধন দাবী কৰা দুই ছাত্ৰ নেতাৰ ফোনকল ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত।অইনৰ প্ৰেম জনিত ঘটনাত সুবিধা লৈ ১ লাখ টকাৰ ধন দাবী ছাত্ৰ নেতাই কৰা ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য ভেৰগাঁৱত। দুগৰাকী প্ৰাপ্তবয়স্ক যুৱক-যুৱতীৰ প্ৰেমৰ সম্পৰ্কক লৈ ছাত্ৰ সংগঠনৰ নেতাই ধন দাৱী কৰা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে 
জানিব পৰা অনুসৰি, ভেৰগাঁৱৰ দেউচুঙাৰ বিশাল অধিকাৰী  নামৰ যুৱক জনৰ সৈতে নিকটৱৰ্তী এগৰাকী যুৱতীৰে আছিল প্ৰেমৰ সম্পৰ্ক। যুৱতী গৰাকীৰ সৈতে  বিশাল অধিকাৰীয়ে গোপনে বিবাহ পাশত আৱদ্ধ হোৱাক লৈ ল’ৰা পক্ষক জৱাবদিহী কৰে ডিমাকুছি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা নামৰ সংগঠনটোৱে।
এই বিবাহজনিত ঘটনাক ডিমাকুছি আৰক্ষী থানাত গোচৰ নিদিয়াৰ প্ৰতিশ্ৰুতিৰে আগছুৰ ডিমাকুছি আঞ্চলিকৰ দুই ছাত্ৰনেতা অঞ্জন কটোৱাল আৰু ক্ষেম চাপাগাইয়ে ফোনযোগে এক লাখ টকা দাৱী কৰা ঘটনাই এতিয়া সকলোকে আচম্বিত কৰি তুলিছে । 
ইফালে ক্ষেম চাপাগাই হৈছে এগৰাকী ছাত্ৰ নেতাৰ উপৰিও চৰকাৰী শিক্ষক । দুই ছাত্ৰ নেতাক টকা দিব নোৱাৰে ভুক্তভোগী পৰিয়ালে বুলি মন্তব্য। ঘটনা সন্দৰ্ভত ভূক্তভোগী পৰিয়ালে অঞ্জন কটোৱাল আৰু ক্ষেম চাপাগাইৰ বিৰুদ্ধে ডিমাকুছি থানাত এজাহাৰ দাখিল কৰাৰ লগতে ন্যায় বিচাৰিছে । 
দুই ছাত্ৰ নেতাৰ ফোন কল ভাইৰেলক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।‌

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *