ভাৰতত থকা বাংলা ভাষী মুছলমানক বলপূৰ্বকভাবে বিতাড়িত কৰা হৈছে বাংলাদেশলৈ

ভাৰতত থকা বাংলা ভাষী মুছলমানক বলপূৰ্বকভাবে বিতাড়িত কৰা হৈছে বাংলাদেশলৈ। বিজেপি শাসিত ৰাজ্য অসম, গুজৰাট,মহাৰাষ্ট্ৰ,ওড়িশা, আৰু উত্তৰ প্ৰদেশৰ পৰা বাংলাদেশলৈ বিতাড়িত কৰা হৈছে বাংলা ভাষী মুছলমানক। চলিত বৰ্ষৰ ৭ মে'ৰ পৰা ১৫ জুনলৈ কমেও ১,৫০০ গৰাকী মুছলমান পুৰুষ-মহিলাক বিতাড়িত কৰা হৈছে বাংলাদেশলৈ। বাংলাদেশলৈ বিতাড়িত কৰা একাংশ বাংলাভাষী মুছলমানৰ সৈতে মাৰপিট কৰাৰ লগতে নষ্ট কৰা হৈছে পৰিচয় পত্ৰ। এই চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় বে-চৰকাৰী মানৱ অধিকাৰ সংস্থা Human Rights Watch য়ে। বাংলাদেশৰ উচ্চপদস্থ বিষয়াৰ উদ্ধৃতিৰে মানৱ অধিকাৰ সংস্থা Human Rights Watch য়ে প্ৰকাশ কৰিছে এই প্ৰতিবেদন। অৱশ্যে বিষয়টোৰ সংক্ৰান্তত ভাৰতৰ ফালৰ পৰা এই পৰ্যন্ত কোনো ধৰণৰ তথ্য বা মতামত প্ৰকাশ কৰা হোৱা নাই। অবৈধ নাগৰিকৰ চিনাক্তকৰণৰ নামত দুৰ্বল বাংলা ভাষী মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে Human Rights Watch য়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *