ড'নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰিলে ২৫ শতাংশ শুল্ক

অথলে গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ। বন্ধু বুলি ভবা মানুহেই গাড্ডাৰী কৰিলে ভাৰতৰ সৈতে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰিলে ২৫ শতাংশ শুল্ক। ভাৰতৰ বিৰুদ্ধে কেৱল ২৫ শতাংশ শুল্ক বৃদ্ধিতে ক্ষান্ত নাথাকিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। চলিত বৰ্ষৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ বিৰুদ্ধে ২৫ শতাংশ শুল্ক আৰোপ কৰিলে ট্ৰাম্পে। ভাৰতক ধমকো দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। 
ৰাছিয়াৰ পৰা মাৰাণাস্ত্ৰ আৰু খাৰুৱা তেল আমদানি কৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে অধিক জৰিমনা বিহাৰ হুংকাৰ দিলে ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ এই ঘোষণাৰ পাছতেই ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰখনত লাগিছে হাহাকাৰ। ভাৰত আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ যদিও বিগত বৰ্ষৰ পৰাই দুয়োখন ৰাষ্ট্ৰৰ মাজত ব্যৱসায়-বাণিজ্যক লৈ সৃষ্টি হৈছে শীতল সংঘাত। 
উল্লেখযোগ্য যে,ভাৰত আৰু আমেৰিকা বন্ধু ৰাষ্ট্ৰ যদিও শেহতীয়াকৈ দুয়োখন দেশৰ মাজত হ্ৰাস পাইছে ব্যৱসায়-বাণিজ্য।  ২৫ আগষ্টত এক বাণিজ্যিক চুক্তিৰ বাবে ভাৰতলৈ আহিব আমেৰিকাৰ প্ৰতিনিধি। ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শুল্ক বৃদ্ধি কৰাৰ দাবী কৰাৰ পাছতো বিষয়টোৰ সংক্ৰান্তত মৌন হৈ আছে দিল্লী। 
উল্লেখযোগ্য যে,বিগত ২০২৪ বৰ্ষত ভাৰত আৰু আমেৰিকাৰ মাজত হৈছিল ১২৯ ডলাৰৰ ব্যৱসায়-বাণিজ্য। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *