এতিয়াও নিৰাপদে আছে সহকাৰী অভিযন্তা জ্যোষিতাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা ৰুদ্ৰ পাঠক

ক'ত আছে অভিযন্তা জ্যোষিতা দাসৰ আত্মহননৰ সৈতে নাম সাঙোৰ খোৱা ঠিকাদাৰ ৰুদ্ৰ পাঠকে ?বিতৰ্কিত ঠিকাদাৰ জনৰ অভয়াপুৰীৰৰ বাসগৃহত SIT য়ে অভিযান চলাইছিল যদিও সোধা-পোছা কৰা হোৱা নাই ৰুদ্ৰ পাঠকক। কিন্তু এতিয়াও নিৰাপদে আছে সহকাৰী অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠক। SIT ৰ দলে ৰুদ্ৰ পাঠকৰ বাসগৃহত অভিযান চলাইয়েই দায়িত্ব সামৰিলে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। জ্যোষিতা দাসৰ মৃত্যুৰ পাছতো কিয় আৰক্ষীয়ে সোধা-পোছা কৰা নাই বিতৰ্কিত ঠিকাদাৰ তথা  বিজেপি নেতা ৰুদ্ৰ পাঠকক ? আৰক্ষীয়ে নিশা অভিযান চলোৱাৰ সময়ত অভয়াপুৰীৰ বাসগৃহত উপস্থিত নাছিল বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠক। 
চৰ্চা অনুসৰি,ঘটনাৰ সংক্ৰান্তত অগ্ৰিম জামিন আবেদনৰ বাবে গুৱাহাটীত আত্মগোপন কৰিছে বিতৰ্কিত ঠিকাদাৰ তথা  বিজেপি নেতা ৰুদ্ৰ পাঠকে। ২০২৬ ত অভয়াপুৰীৰ সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ কুচকাৱাজ আৰম্ভ কৰিছিল ৰুদ্ৰ পাঠকে। 
খবৰ অনুসৰি,দিছপুৰৰ ছত্ৰছায়াত গুৱাহাটীত এতিয়াও নিৰাপদে আছে বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠক। ৰুদ্ৰ পাঠকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়াকৈ জামিন ল'বলৈ প্ৰস্তুতি চলাইছে বুলিও চৰ্চা চলিছে। 
সহকাৰী অভিযন্তা জ্যোষিতা দাসৰ আত্মহননৰ পাছত গ্ৰেপ্তাৰ হৈছিল কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি আৰু SDO আমিনুল ইছলাম। বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ দুই বিষয়াক গ্ৰেপ্তাৰ কৰিলেও এতিয়াও মুকলি আকাশৰ তলত ৰুদ্ৰ পাঠকৰ দৰে অন্যতম অভিযুক্ত। 
বৰ্ষণগাঁও ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰাকৈ বিল পাছ কৰাৰ বাবে হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল জ্যোষিতাই। ৰুদ্ৰ পাঠক নামৰ ঠিকাদাৰৰ বিল পাছ কৰিবলৈ হেঁচা প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল জ্যোষিতাই। ৰুদ্ৰ পাঠকৰ ঠিকাৰ কাম-কাজ নিৰীক্ষণ কৰাল দায়িত্ব পোৱাৰ পাছৰে পৰা জীৱন ধ্বংস হৈ গৈছিল বুলি মৃত্যুৰ পূৰ্বে জ্যোষিতাই অৱগত কৰিছিল মাতৃক। কিন্তু তাৰ পাছতো আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত কিয় ঠিকাদাৰ ৰুদ্ৰ পাঠকক সোধা-পোছা কৰা নাই  তাক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্য। চৰ্চা অনুসৰি, মুখ্যমন্ত্ৰী আৰু এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠক। 
বিভাগীয় বিষয়াৰ মানসিক নিৰ্যাতনৰ বলি হৈ চৰম সিদ্ধান্ত লৈছিল বঙাইগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা জ‍্যোষিতা দাসে। নিজকে নিঃশেষ কৰি দিয়াৰ পূৰ্বে অভিযন্তা জ‍্যোষিতা দাসে লিখি থৈ যোৱা নোটে উদঙাই দিছিল বঙাইগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ স্বৰূপ। সহকাৰী অভিযন্তা জ‍্যোষিতা দাসৰ অপমৃত্যুৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল SDO আমিনূল ইছলাম আৰু কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মাক। কিন্তু এতিয়াও অসম আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত সোধা-পোছা কৰিবলৈ সাহস কৰা নাই হাত দীঘল ঠিকাদাৰ ৰুদ্ৰ পাঠকক। বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠকে বঙাইগাঁওত নিৰ্মাণ কৰা ১২ কোটি টকীয়া মিনি ষ্টেডিয়ামৰ আধৰুৱা আৰু নিম্নমানৰ কামৰ বাবে বিভাগীয় বিল মোকোলাই দিবলৈ আমিনূল ইছলাম আৰু কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মাই হেঁচা দিছিল বুলি আত্মহননৰ পূৰ্বে জ‍্যোষিতা দাসে নিজেই লিখিথৈ গৈছিল টোকা। লোক নিৰ্মাণ বিভাগৰ অধীনত ১২ কোটি টকা মিনি ষ্টেডিয়ামৰ প্ৰকল্পটোৰ কামত চাইট ইঞ্জিনীয়াৰ হিচাপে নিয়োজিত আছিল জ্যোষিতা দাস। অভিযোগ অনুসৰি,মিনি ষ্টেডিয়ামখনৰ নিৰ্মাণত লোক নিৰ্মাণ বিভাগৰ ৱৰ্ক অডাৰ মতে,১২ MM ৰড ব্যৱহাৰ কৰাৰ সলনি ঠিকাদাৰ ৰুদ্ৰ পাঠকে প্ৰকল্পটোৰ ব্যৱহাৰ কৰিছিল ৮ MM ৰড।ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ হৈ প্ৰকল্পটোৰ কাম চলাই গৈছিল দুই পুত্ৰই।ষ্টেডিয়ামৰ খুঁটা নিৰ্মাণৰ নামটো অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগ অনুসৰি,বঙাইগাঁওত নিৰ্মাণ হৈ থকা সেই মিনি ষ্টেডিয়াম খনৰ খুঁটাত ঢালাই কৰাৰ নামত কেৱল বালি আৰু ভঙা ইটাৰ টুকুৰা ব্যৱহাৰ কৰিছিল ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ এণ্ড হিছ কোম্পানীয়ে। কথাবোৰ দেখি শুনি প্ৰতিবাদো কৰিছিল কামৰ দায়িত্ব থকা সহকাৰী অভিযন্তা জ্যোষিতা দাসে। অভিযোগ অনুসৰি,সৰু ছোৱালী জ্যোষিতা দাসৰ কথাত বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ দুই অভিযন্তাই গুৰুত্ব দিয়া নাছিল। কাৰণ দিছপুৰলৈকে হাত দীঘল মানুহ আছিল ৰুদ্ৰ‌। অভিযোগ অনুসৰি,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দৰে নেতাৰ মানুহ আছিল ৰুদ্ৰ। চৰ্চা অনুসৰি, ৰুদ্ৰ পাঠকে বঙাইগাঁওত নিৰ্মাণ কৰা এটা শিৱ মন্দিৰৰ ফিটাকাটি উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *