দোষমুক্ত হ'ল সাধ্বী প্ৰজ্ঞাৰ সৈতে মালেগাওঁ বোমা বিস্ফোৰণৰ ৭ অভিযুক্ত

মহাৰাষ্টৰ মালেগাওঁ বোমা বিস্ফোৰণৰ সৈতে জড়িত ৭ অভিযুক্তক দোষমুক্ত কৰিলে নিয়াৰ আদালতে। বিস্ফোৰণৰ অন্যতম মুখ্য অভিযুক্ত আছিল বিজেপি নেত্ৰী ভূপালৰ সাংসদ সাধ্বী প্ৰজ্ঞা। প্ৰায় ১৭ বছৰৰ পিছত গোচৰটোৰ সন্দৰ্ভত ন্যায়ালয়ে দিলে ৰায়। অভিযুক্ত  সাধ্বী প্ৰজ্ঞা, লেফটেনেণ্ট কৰ্ণেল শ্ৰীকান্ত পুৰোহিতকে ধৰি ৭ অভিযুক্তক  দোষমুক্ত কৰিলে ন্যায়ালয়ে। ন্যায়ালয়ত প্ৰমাণ হ'ল কেৱল বিস্ফোৰণ হোৱাৰ কথা, প্ৰমাণ নহ'ল কোনে কৰিছিল এই কাম। 
২০০৮ চনৰ ২৯ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মালেগাঁৱত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত ছয়জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল ১০১জন লোক। নিয়াই এই গোচৰত মুখ্য অভিযুক্ত প্ৰজ্ঞা ঠাকুৰ, মেজৰ ৰমেশ উপাধ্যায় (অৱসৰপ্ৰাপ্ত), অজয় ৰাহিৰকাৰ, সুধাকৰ দ্বিবেদী, সুধাকৰ চতুৰ্বেদী আৰু সমীৰ কুকৰাৰ্ণী বিৰুদ্ধে ইউ এ পি এৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । 
উল্লেখ্য যে বিস্ফোৰণত ব্যৱহৃত মটৰ চাইকেলখন বিজেপি নেত্ৰী প্ৰজ্ঞা ঠাকুৰৰ নামত আছিল। গোচৰোটৰ মুখ্য অভিযুক্ত প্ৰজ্ঞা ঠাকুৰ সেই সময়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য আছিল। ঘটনাৰে জড়িতৰ অভিযোগত সেনা বিষয়া কৰ্ণেল প্ৰসাদ পুৰোহিত আৰু অৱসৰপ্ৰাপ্ত মেজৰ ৰমেশ উপাধ্যায়কো গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছতেই গ্ৰেপ্তাৰ হৈছিল সুধাকৰ দ্বিবেদী ওৰফে দয়ানন্দ পাণ্ডে। অভিযোগনামা অনুসৰি মেজৰ ৰমেশ উপাধ্যায় আৰু লেফটেনেণ্ট কৰ্ণেল পুৰোহিতৰ মাজত হোৱা বাৰ্তালাপত মালেগাওঁ বিস্ফোৰণৰ গোচৰত প্ৰজ্ঞা ঠাকুৰৰ ভূমিকাৰ কথা উল্লেখ কৰা হৈছিল। কিন্তু ২০১৬ চনৰ মে’ মাহত এন আই এয়ে গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ সময়তে  ১০ জন অভিযুক্তৰ আছিল। 
যদিও অভিযোগনামাত প্ৰজ্ঞাক নিৰ্দোষী ঘোষণা কৰা হয়, চাৰ্জশ্বীটত উল্লেখ কৰা মটৰ চাইকেলখন প্ৰজ্ঞাৰ নামত আছিল যদিও মালেগাওঁ বিস্ফোৰণৰ দুবছৰ আগৰ পৰাই সেই মটৰ চাইকেলখন কলছাংগ্ৰাই ব্যৱহাৰ কৰি আছিল।
অৱশ্যে প্ৰজ্ঞা ঠাকুৰে জামিন লাভ কৰিলেও তেওঁৰ বিৰুদ্ধে গোচৰ চলি থাকে। ২০১৯ চনত ভূপালৰ পৰা বিজেপিৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি দিগ্বিজয় সিঙক পৰাস্ত কৰি সংসদলৈ নিৰ্বাচিত হৈছিল সাধ্বী প্ৰজ্ঞা। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *