ধনখড়ৰ উত্তৰসূৰি কোন? জানিব পাৰিব ছেপ্তেম্বৰ মাহতেই। উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে। উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি আয়োগৰ। ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন । জগদীপ ধনখড়ৰ উত্তৰসূৰীৰ নাম আনুষ্ঠানিকভাৱে সেই দিনাহে জনোৱা হ'ব।
শুক্রবাৰে আয়োগৰ তৰফৰ পৰা জনোৱা হৈছে, ৭ আগষ্টত উপৰাষ্ট্ৰপতি নির্বাচনৰ বিজ্ঞপ্তি প্ৰকাশ কৰিব। ২১ আগষ্টলৈকে মনোনয়ন জমা দিব পাৰিব। মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব ২২ আগষ্টত। মনোনয়ন প্রত্যাহাৰৰ শেষ দিন ২৫ আগষ্ট। যদি সর্বসম্মতিক্রমে কোনো উপৰাষ্ট্ৰপতি হৈ পৰে, তেন্তে নিৰ্বাচনৰ প্ৰয়োজন নহ'ব। আৰু যদি একাধিক প্রার্থীয়ে মনোনয়ন জমা দিয়ে, তেন্তে নির্বাচন প্ৰয়োজন হৈ পৰিব। এনে ক্ষেত্ৰত নিৰ্বাচন হ'ব অহা ৯ ছেপ্টেম্বৰত, দিনৰ ১০ বজাতৰ পৰা ৫ বজাতলৈ ভোটদান হ'ব আৰু সেই দিনাই প্ৰকাশ পাব ফলাফলো।
উল্লেখ্য যে, পাঁচ বছৰৰ মেয়াদ শেষ হোৱাৰ বহু আগতেই ২১ জুলাই ৰাতি আচম্বিতভাৱে উপৰাষ্ট্ৰপতি পদ এৰাৰ সিদ্ধান্ত লৈছিল ধনখড়ে। ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মুৰলৈ সপ্ৰেৰণ কৰে পদত্যাগ পত্ৰ। পিচৰ দিনৰ পুৱা ধনখেড়ৰ পদত্যাগ পত্ৰ গৃহীত হয়। ধনখড়ৰ ইস্তফাপত্ৰত লিখা হৈছিল, শাৰীৰিক অসুস্থতাৰ বাবে উপৰাষ্ট্ৰপতিৰ পদ এৰি দিয়া সিদ্ধান্তৰ কথা। অৱশ্যে এই বিষয়টো বিৰোধী দলে মানিব পৰা নাই। কিয়নো কিছু দিন ধৰি উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ শ্বেয়াৰম্যানৰ পদৰ পৰা ধনখড়ক নিলম্বন কৰিবলৈ উঠি পৰি লাগিছিল বিৰোধীয়ে, বিভিন্ন সময়ত ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাবো আনিছিল বিৰোধীয়ে। এনে পৰিপ্ৰেক্ষিতত অকস্মাতে পদত্যাগ কৰা ঘটনাক অস্বাভাৱিক বুলি সন্দেহ প্ৰকাশ কৰিছে বিৰোধীয়ে।
সংবিধানৰ অনুচ্ছেদ ৬৬ অনুসৰি কেৱল লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলেহে উপৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব পাৰে। নিয়ম অনুসৰি, সংসদৰ দুটা কক্ষৰ সদস্যসকলৰ সৈতে এটা ইলেক্টোৰেল কলেজ গঢ়ি তুলিছে নিৰ্বাচন আয়োগে। একক হস্তান্তৰযোগ্য নিৰ্বাচনী পদ্ধতিত গোপন ব্যালটত ভোটাধিকাৰ প্রয়োগ কৰে সাংসদসকলে।নতুন যি উপৰাষ্ট্রপতি হ'ব, তেওঁ আগন্তুক পাঁচ বছৰৰ বাবে পদত থাকিব। স্বাভাৱিকতে ২০২৭ চনত পৰৱৰ্তী উপৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব লগা আছে কিন্তু এই বৰ্ষৰ ৯ ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত পৰৱৰ্তী উপৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব২০৩০ চনত।