দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ। কংগ্ৰেছ নেতা গৰাকীৰ অভিযোগে দেশৰ ৰাজনীতিত সৃষ্টি কৰিছে ধুমুহা। ৬ মাহ ধৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰিছে কংগ্ৰেছে। ভোটাৰ তালিকাত দেশৰ নিৰ্বাচন আয়োগে কৰা বিসংগতি তথ্যসহ পোহৰলৈ আনিব কংগ্ৰেছে। কংগ্ৰেছে তথ্য প্ৰমাণ দাঙি ধৰিলেই EXOPSE হৈ যাব দেশৰ নিৰ্বাচনী আয়োগ, এই দাবী কৰিছে ৰাহুল গান্ধীয়ে।
ভোটাৰ তালিকাত নিৰ্বাচন আয়োগে বিসংগতি কৰাৰ সন্দৰ্ভত কংগ্ৰেছৰ হাতত পৰিছে এটম বোমা। সংসদৰ চৌহদত সংবাদ মাধ্যমৰ আগত এই চাঞ্চল্যকৰ দাবী কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত কয় যে, "মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভোটাৰ তালিকাৰ বিসংগতি ধৰা পৰাত নিৰ্বাচন আয়োগৰ ওপৰত আমাৰ সন্দেহ হৈছিল", "কিন্তু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচন আয়োগৰ ওপৰত সেই সন্দেহ আৰু বৃদ্ধি পাইছিল", "সেয়েহে কংগ্ৰেছৰ এটা বিশেষজ্ঞৰ দলে বিগত ৬ মাহে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি বিস্ফোৰক তথ্য যুগুত কৰিছে"। দেশৰ নিৰ্বাচন আয়োগৰ সন্দৰ্ভত এই বিস্ফোৰক দাবী কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
উল্লেখযোগ্য যে,বিজেপিৰ হৈ দেশৰ নিৰ্বাচনী আয়োগে ভোট চুৰি কৰাৰ অভিযোগ তুলিছিল ৰাহুল গান্ধীয়ে। যিটো তথ্য প্ৰমাণসহ ৰাজহুৱা কৰাৰ হুংকাৰ দিছে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে।