ভাৰতীয় ফুটবল দললৈ আহিছে এটা ভাল খবৰ। দীৰ্ঘ সময়ৰ পাছত ভাৰতীয় ফুটবল দলে লাভ কৰিব এগৰাকী ভাৰতীয় মুখ্য প্ৰশিক্ষক । খালিদ জামিল হ'ব ভাৰতীয় ফুটবল দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক । নৰ্থ ইষ্ট ইউনাইটেড দলকো প্ৰশিক্ষণ দিছিল খালিদ জামিলে । খালিদ জামিলৰ প্ৰশিক্ষণত ISLৰ ছেমিফাইনেলতো প্ৰৱেশ কৰিছিল নৰ্থ ইষ্ট ইউনাইটেড দলে ।
ভাৰতীয় ফুটবল দলৰ খেলুৱৈও আছিল খালিদ জামিল। খালিদ জামিলক দায়িত্ব অৰ্পণ কৰাৰ পূৰ্বে মানোলো মাৰকিউজ আছিল ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক । খালিদ জামিলক মুখ্য প্ৰশিক্ষকৰ দায়িত্ব প্ৰদান কৰাৰ পাছতে উৎফুল্লিত হৈছে দেশৰ ফুটবল প্ৰেমী সকল । উল্লেখ্য যে, প্ৰশিক্ষক হিচাপে খালিদ জামিলৰ সফলতা পূৰ্বৰে পৰা চৰ্চিত বিষয়।