বলপূৰ্বকভাবে মহিলাৰ সৈতে অপকৰ্ম কৰাৰ ফল ভুগিব লাগিব NDA ৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেৱান্নাই। মহিলাৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ গোচৰত আদালতে যাৱজ্জীৱন কাৰাদণ্ড শাস্তি বিহিলে প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেৱান্নাক। মহিলা সৈতে অপকৰ্ম কৰিছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱে গোড়াৰ নাতি প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেৱান্নাই। শনিবাৰে আদালতে প্ৰজ্বল ৰেৱান্নাক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে জৰিমনা হিচাপে বিহিলে ১০ লাখ টকা। লগতে ভুক্তভোগী মহিলা গৰাকীক ক্ষতিপূৰণ হিচাপে ৭ লাখ টকা দিবলৈ আদালতে নিৰ্দেশ দিছে প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেৱান্নাক।
২০২১ চনত ঘৰত কাম কৰা এগৰাকী ৪৭ বছৰীয়া মহিলাৰ সৈতে অপকৰ্ম কৰিছিল প্ৰজ্বল ৰেৱান্নাই। ঘটনাৰ সংক্ৰান্তত ভুক্তভোগী মহিলা গৰাকীয়ে মুখ খুলিলে গোপন কেমেৰাত বন্দী কৰা ভিডিঅ' ভাইৰেল কৰিব বুলি ধমক দিছিল ৰেৱান্নাই। পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী মহিলা গৰাকীয়ে কৰ্ণাটকৰ এখন স্থানীয় আৰক্ষী থানাত ৰেৱান্নাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
মহিলাক নিৰ্যাতন চলোৱাৰ আন চাৰিটাকৈ গোচৰ ৰুজু হৈ আছিল কৰ্ণাটকৰ JD(S) দলৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেৱান্নাৰ বিৰুদ্ধে। ২০২৪ চনৰ ২৪ এপ্ৰিলত কৰ্ণাটকৰ এখন ষ্টেডিয়ামত উদ্ধাৰ হৈছিল প্ৰজ্বল ৰেৱান্নাৰ সৈতে জড়িত ২,৯৭০ টা অশ্লীল ভিডিঅ' ক্লিপ। ২০২৪ চনৰ ৩১ মে'ত কৰ্ণাটক আৰক্ষীয়ে বাংগালুৰুৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰজ্বল ৰেৱান্নাক।