পুনৰ বৰ ভূঁইকপে জোকাৰিলে ৰাছিয়া, আৰম্ভ হৈছে আফটাৰ ইফেক্ট

পুনৰ বৰ ভূঁইকপে জোকাৰিলে ৰাছিয়া। দেওবাৰে দুপৰীয়া ৬.৭ ৰিখটাৰ স্কেলত কঁপি উঠিল পূব ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জ। শনিবাৰে সেই একে অঞ্চলত ৬.৩ মাত্ৰাৰ এক ভূমিকম্প হৈছিল। এটাৰ পিছত আনটো ভূমিকম্পৰ বাবে আতঙ্ক বৃদ্ধি পাইছে অঞ্চলটোত। উল্লেখ্য  যে বুধবাৰে  ৮.৮ মাত্রাৰ ভূমিকম্পই জোকাৰি গৈছিল ৰাছিয়া । 
শক্তিশালী এই ভূমিকম্পৰ ফলত সাগৰপৃষ্ঠত সুনামীৰ সৃষ্টি হয়। ৰাছিয়াৰ উপৰিও জাপানৰ হোক্কাইডো উপকূল অঞ্চলতো হয় সুনামী। ৮.৮ মাত্রাৰ সেই ভূমিকম্পৰ পাছৰে পৰা ভূমিকম্প আফটাৰ ইফেক্ট দেখা গৈছে। এতিয়ালৈকে পূৱ ৰাছিয়াৰ বিস্তীৰ্ণ অঞ্চলত ১২৫টাৰো বেছি ভূকম্প অনুভূত হৈছে। 
ৰাছিয়াত ভূমিকম্পৰ পিছতেই উদ্গিৰণ হ'ল য়ুৰাছৰ কামচাটকাৰ কৰাশেনিন্নিকোভ আগ্নেয়গিৰি। ৬০০ বছৰৰ পিছত জাগি উঠিল আগ্নেয়গিৰিটো। ১৪৬৩ চনত  শেষ বাৰৰ বাবে লাভা নির্গত হৈছিল আগ্নেয়গিৰিটোৰ পৰা । ক্ৰাছেনিন্নিকোভ আগ্নেয়গিৰিৰ পৰা ধোঁৱা আৰু ছাই নিৰ্গত হৈ প্ৰায় ৬০০০ মিটাৰ উচ্চতালৈ উঠিছে। 
আগ্নেয়গিৰিৰ ধোঁৱাই ছানি ধৰিছে আকাশ। ধোঁৱা কুণ্ডলী  প্ৰশান্ত মহাসাগৰলৈ আগবাঢ়ি গৈছে। অঞ্চলটো জনবসতি শূন্য় হোৱাৰ বাবে কোনো হতাহত বা ক্ষতি হোৱা নাই। কিন্তু বিমান চলাচল বিঘ্নিত হৈছে, যাৰ বাবে  সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *