গুৱাহাটীৰ পাছত যোৰহাটৰ হোটেলত দেহ বেপাৰ

গুৱাহাটীৰ পাছত যোৰহাটৰ হোটেলত চলিছিল দেহ বেপাৰ। যোৰহাটৰ অজন্তা হলৰ বাইপাছত থকা মেঘা নামৰ এখন হোটেলত চলিছিল নিষিদ্ধ বেপাৰ। বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ঘটনাৰে জড়িত যুৱতী সহ তিনিজনক। 
যোৰহাটত নাৰী দেহ বেপাৰৰ সৈতে জড়িত থকা দুই যুৱক পল্লৱ জ্যোতি শইকীয়া আৰু ৰিংকু হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মেঘা হোটেলত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুই ভুক্তভোগী কিশোৰীক। অভিযোগ অনুসৰি,কাকজানৰ দুলীয়াগাঁৱৰ পৰিস্মৃতা শইকীয়া নামৰ এগৰাকী যুৱতীয়ে চলাইছিল নিষিদ্ধ বেপাৰ। 
গাঁৱৰ দুখীয়া পৰিয়ালৰ দুগৰাকী কিশোৰীক প্ৰলোভনেৰে মেঘা নামৰ হোটেলখনলৈ মাতি আনিছিল অভিযুক্ত পৰিস্মৃতা শইকীয়াই। কম বয়সীয়া কিশোৰীক হোটেলৰ কোঠা ভাড়াত দিয়াৰ বাবে হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধেও তদন্ত কৰিছে আৰক্ষীয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *